নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত প্ৰকৃতি সুৰক্ষাৰ সজাগতাৰ বাবে উপস্থিত অৰণ্য মানৱ যাদৱ পায়েং

নিয়মীয়া বাৰ্তা, ২১ মে’: ৰঙিয়াত প্ৰকৃতি ৰক্ষাৰ সজাগতাৰ বাবে আজি উপস্থিত হয় অৰণ্য মানৱ যাদৱ পায়েং । ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বৃক্ষ ৰোপণ কাৰ্যক উৎসাহিত কৰিবলৈ ৰঙিয়াৰ তুলসীবাৰী বহুমুখী বিদ্যালয়ত উপস্থিত বিশিষ্ট প্ৰকৃতিবিদ যাদৱ পায়েং উপস্থিত হয় । বৰ্তমান সময়ত জলবায়ু পৰিবৰ্তনে কিদৰে পৃথিৱীখনক ক্ষতি কৰিছে সেই বিষয়ে যাদৱ পায়েঙে ছাত্র-ছাত্ৰী সকলক বুজাই দিয়ে । লগতে গছ অবিহনে যে পৃথিৱী জীয়াই নাথাকে সেই বিষয়ে নৱ প্ৰজন্মৰ মাজত সজাগ কৰাৰ প্ৰয়াস কৰে । নিজৰ নিজৰ জন্মদিনত ছাত্ৰ-ছাত্ৰী সকলক এজোপা গছপুলি ৰুবলৈ আহ্বান জনায় । আনকি এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী সকলক প্ৰতিজ্ঞা পাঠ কৰোৱা হয় ।

You might also like