নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰত ঢাৰিকাটিত বন্যহস্তীয়ে ভাঙিলে চৰকাৰী বিদ্যালয়

নিয়মীয়া বাৰ্তা, ২১ মে :: শোণিতপুৰৰ চাৰিদুৱাৰৰ ঢাৰিকাটিত দিনকদিনে বৃদ্ধি পাইছে বন্যহস্তীৰ তাণ্ডৱ । যোৱানিশা বালিপৰা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ জাক এটাই ভাঙি তহিলং কৰে ঢাৰিকাটি মধ্য ইংৰাজী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনিগৃহ । হাতীৰ জাকটোৱে লগতে চাউল আদি খাই বিস্তৰ ক্ষতিসাধন কৰে । তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ প্ৰাকক্ষণত বিদ্যালয়খনত এনেদৰে বন্যহস্তীয়ে অনিষ্ট সাধন কৰাত বিপাঙত পৰিছে বিদ্যালয় কৰ্তৃপক্ষ , ৰাইজ ।

প্ৰেৰক :: প্ৰাঞ্জল প্ৰতিম বৰা, বালিপৰা

You might also like