নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : পৰম্পৰাগত চাহ গ্রাম্য পর্যটনেৰে উত্তৰণৰ যাত্রা মইনাৰ

সম্পূর্ণ ঘৰুৱা পৰিৱেশ প্রদান কৰা পর্যটন কেন্দ্রত আছে কার্বি পৰম্পৰাগত খাদ্য পাতত দিয়া গাহৰি মাংস, চুঙাভাত, জৰলাং, খাৰ, আদি পৰিৱেশন কৰা হয়৷ এই পর্যটন কেন্দ্রত মছলাবিহীন আৰু বনৌষধি সংলগ্ণ খাদ্যত গুৰুত্ব দিয়া হয়৷ লগতে আছে প্রাকৃতিক স্নান, গ্রাম্য পৰিৱেশত খোজ কঢ়া, বাঁহ শিল্প কর্ম–পৰিদর্শন, হস্ততাঁত–বস্ত্রশিল্ প্রদর্শন, ট্রেকিং আদিৰ সুবিধা

উৎপল কুমাৰ কলিতা

অসমৰ পৰম্পৰাগত চাহপাতক পর্যটনৰ সম্ভাৰ কৰি বিশ্বজনীন পৰিচয় দিবলৈ প্রয়াস এগৰাকী উচ্চ শিক্ষিত যুৱতীৰ৷ হাতেৰে প্রস্তুত কৰা চাহপাত ইতিমধ্যে দেশী–বিদেশী পর্যটকৰ সন্মুখত তুলি ধৰি উচ্চ প্রশংসতি হৈছে যুৱতীগৰাকী৷

যুৱতীগৰাকীৰ নাম মইনা ক্রামচাপি৷ তেজপুৰ আইন মহাবিদ্যালয়ৰ আইনৰ স্নাতক মইনাৰ ঘৰ বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ গাতে লাগি থকা কাজিৰঙা–কার্বি আংলং সীমান্তৱর্তী ইংলেপথাৰত৷ এইগৰাকী যুৱতীয়ে সম্প্রতি হাতেৰে তৈয়াৰ কৰা চাহপাতক গ্রহণ কৰিছে জীৱিকা হিচাপে৷ হাতেৰে তৈয়াৰ কৰি চাহপাত বিক্রী কৰাৰ লগতে বিভিন্ন প্রকাৰৰ চাহপাত পৰম্পৰাগতভাৱে হাতেৰে প্রস্তুত কৰাৰ প্রক্রিয়া পর্যটকক প্রদর্শন কৰাৰ ব্যৱস্থা কৰিছে৷

উল্লেখ্য যে মইনাৰ পৰিয়ালে বিগত ২৫ বছৰ ধৰি এখন সৰু চাহ বাগিচা চলাই আহিছে৷ প্রায় ছয় বিঘা মাটিত থকা তেওঁলোকৰ ক্ষুদ্র চাহ বাগিচাখনৰ নাম হ’ল ‘ক্রামচা টী প্লেনটেচন’৷ পূর্বতে তেওঁলোকে কেঁচা চাহপাতবোৰ তুলি মিলত বিক্রী কৰিছিল৷ কিন্তু ২০২২ চনত অসমৰ অন্যতম প্রকৃতিপ্রেমী সংগঠন ‘অৰণ্যক’ৰ তৰফৰ পৰা মইনাৰ মাতৃ মীনা টগবিক হাতেৰে প্রস্তুত কৰা চাহ, গ্রীন টী আদি প্রস্তুত কৰাৰ প্রশিক্ষণ দিয়া হয়৷ এই প্রশিক্ষণৰ পাছত তেওঁলোকে হাতেৰে চাহ প্রস্তুত কৰি আহিছে৷

এই সম্পর্কত মইনাই জানিবলৈ দিয়া মতে– ‘সাধাৰণতে চাহপাত কলঘৰত যন্ত্রৰ সহায়ত প্রস্তুত কৰা হয়৷ কিন্তু তাৰ মাজতে অসমৰ চাহ বাগিচাৰ শ্রমিকসকলে অতীজৰে পৰা নিজে খাবলৈ হাতেৰে প্রস্তুত কৰা চাহ ব্যৱহাৰ কৰি আহিছে৷ এই চাহপাতৰ গুণগত মান অধিক যাৰ বাবে বজাৰত এই চাহৰ চাহিদা বাঢ়িছে৷ অসমৰ বাহিৰৰ লোকসকলেও এই হাতেৰে প্রস্তুত কৰা চাহপাত বিচাৰে৷’

আনহাতে এই চাহপাত প্রস্তুতকৰণ সম্পর্কত মইনাই কয়– ‘এই চাহপাত প্রস্তুত প্রণালী পৰম্পৰাগত আৰু ঘৰুৱা, কিন্তু ইয়াৰ প্রস্তুত প্রণালী উপযুক্ত প্রশিক্ষণেৰে শিকি ল’ব লাগে৷ ইয়াৰ বাবে চাহগছৰ কুমলীয়া কলি আৰু দুটামান অর্থাৎ এটি কলি দুটি পাত হাতেৰে ছিঙা হয়৷ যি উত্তম মানদণ্ডৰ চাহপাত দিয়ে৷ এই পাতবোৰ ৰ’দত শুেেকাৱা হয় বা বৰষুণ বা সেমেকা বতৰত ধোঁৱাচাঙত দি শুকোৱা হয়৷ এই শুকান পাতবোৰ পাক দি তাৰ ৰস বাহিৰ কৰা হয়৷ পৰৱর্তী সময়ত পাতবোৰ বিশেষ পৰিৱেশত ৰখা হয় য’ত ইয়াৰ ৰং আৰু সোৱাদ বিকশিত হয়৷

শেষত ইয়াক দীঘলীয়া সময়লৈ সংৰক্ষণ কৰিব পৰাকৈ শুকান কৰি লোৱা হয়৷’ সম্প্রতি মইনাই মাতৃ মীনা আৰু অন্য পাঁচগৰাকী মহিলা সহকর্মীৰ সহযোগত এই পৰম্পৰাগত হস্ত প্রস্তুত চাহ তৈয়াৰ কৰি স্থানীয় বজাৰত যথেষ্ট সমাজৰ লাভ কৰিছে৷ তেওঁলোকে চাহপাতবোৰ ঢেঁকী আৰু উৰালত খুন্দি লয়৷ প্রতিদিনে হয় সাতগৰাকী মহিলাই এক, ডেৰ কিলোগ্রাম চাহপাত প্রস্তুত কৰে৷ এই চাহ ইতিমধ্যে স্থানীয় বজাৰৰ লগতে দেশ–বিদেশলৈও গৈছে৷ বিশেষকৈ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানলৈ অহা পর্যটকসকলে ইয়াৰ পৰা হস্তনির্মিত চাহপাত ক্রয় কৰি নিয়ে৷

মইনাই পৰম্পৰাগতভাৱে হাতেৰে চাহ প্রস্তুত কৰা প্রক্রিয়াটো পর্যটনৰ লগত সংলগ্ণ কৰাৰ প্রয়াস কৰিছে৷ ইয়াৰ বাবে নিজৰ ক্ষুদ্র চাহ বাগিচাত স্থাপন কৰিছে এক পর্যটন কেন্দ্র৷ বিশেষকৈ চাহ পর্যটন আৰু গ্রাম্য পর্যটনৰ সুবিধা আছে এই কেন্দ্রত৷ মইনাই সাজি উলিওৱা এই পর্যটন কেন্দ্রত আছে ১২টা টেণ্ট আৰু দুটা হোমষ্টে৷ কার্বি পৰম্পৰাগত গৃহৰ আর্হিত সুন্দৰকৈ খেৰ–বাঁহেৰে সাজি উলিওৱা হৈছে এই হোমষ্টে দুটা৷ কার্বি পাহাৰৰ নামনি এলেকাত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ দাঁতিত থকা এই পর্যটন কেন্দ্রত দেশী–বিদেশী পর্যটকসকলে নৈশযাপন কৰে৷

সম্পূর্ণ ঘৰুৱা পৰিৱেশ প্রদান কৰা পর্যটন কেন্দ্রত আছে কার্বি পৰম্পৰাগত খাদ্য পাতত দিয়া গাহৰি মাংস, চুঙাভাত, জৰলাং, খাৰ, আদি পৰিৱেশন কৰা হয়৷ এই পর্যটন কেন্দ্রত মছলাবিহীন আৰু বনৌষধি সংলগ্ণ খাদ্যত গুৰুত্ব দিয়া হয়৷ লগতে আছে প্রাকৃতিক স্নান, গ্রাম্য পৰিৱেশত খোজ কঢ়া, বাঁহ শিল্প কর্ম–পৰিদর্শন, হস্ততাঁত–বস্ত্রশিল্ প্রদর্শন, ট্রেকিং আদিৰ সুবিধা৷

এই সম্পর্কত মইনাই কয়– ‘অসমলৈ ভাৰতৰ অন্য ৰাজ্য আৰু বিদেশৰ পৰা অহা লোকসকলে অসমৰ গ্রাম্য পৰিৱেশ, গ্রাম্য জীৱনযাত্রা চাব বিচাৰে৷ কাজিৰঙালৈ অহা পর্যটকে অকল গঁড় চাই উভতি নাযায়৷ অসমত গ্রাম্য পর্যটনৰ অনেক সুবিধা আছে৷ আমৰ গাঁৱৰ খেতি পথাৰ, বিভিন্ন কুটিৰ শিল্প, বয়ন শিল্প, বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত জীৱন৷ খাদ্য প্রস্তুত আদিৰ অভিজ্ঞতা ল’ব বিচাৰে পর্যটকসকলে৷ অসমত সেয়ে গ্রাম্য পর্যটনৰ যথেষ্ট সুবিধা আছে৷ কাজিৰঙাৰ বাবে অহা পর্যটকক গ্রাম্য পর্যটনৰ প্রতি আকর্ষিত কৰাৰ বাবে এই পর্যটন কেন্দ্রটো আৰম্ভ কৰিছোঁ৷ বর্তমানলৈ পর্যটকৰ পৰা ভাল সঁহাৰি লাভ কৰিছোঁ৷

মইনাই তেওঁৰ পর্যটন কেন্দ্রত সংলগ্ণ কৰিছে পৰম্পৰাগত হাতেৰে প্রস্তুত কৰা চাহপাত৷ তেওঁ প্রকাশ কৰা অনুসৰি– ‘আমাৰ পর্যটন কেন্দ্রলৈ অহা পর্যটকসকলে হাতেৰে প্রস্তুত কৰা চাহপাত চাব বিচাৰে৷ কিছু অর্থৰ বিনিময়ত আমি পর্যটকসকলক হাতেৰে চাহপাত প্রস্তুত কৰা সমগ্র প্রক্রিয়া প্রদর্শন কৰাৰ লগতে পর্যটকসকলক এক নতুন অভিজ্ঞতা লোৱাৰ সুবিধা প্রদান কৰোঁ৷ পৰম্পৰাগত চাহপাতৰ লগতে আমি গ্রীন টী, অর্থডক্স টী আদিও প্রস্তুত কৰি প্রদর্শন কৰোঁ৷ ইয়াৰ দ্বাৰা আমি এখন বজাৰো লাভ কৰিব সমর্থ হৈছোঁ৷

কাৰণ আমি প্রস্তুত কৰা চাহপাত পর্যটকসকলে ক্রয় কৰি নিয়ে৷ ইয়াৰ দ্বাৰা অসমৰ চাহপাতে বিদেশতো সমাদৃত হৈছে৷’ মইনাই জানিবলৈ দিয়া মতে, এতিয়ালৈ এইক্ষেত্রত চৰকাৰী সা–সুবিধা পোৱা নাই যদিও কিছু সহায় পালে তেওঁৰ এই কাম অধিক সম্প্রসাৰিত কৰিব৷ আনহাতে তেওঁলোকৰ উৎপাদিত চাহপাতৰ এতিয়ালৈ নিজা ব্রেণ্ড নাই যদিও অচিৰেই ব্রেণ্ড এটা সৃষ্টি কৰাৰো পৰিকল্পনা আছে৷ এইদৰে স্বাৱলম্বনৰ পথলৈ আগবঢ়া মইনাই স্বাৱলম্বনৰ প্রতি অসমৰ যুৱক–যুৱতীসকলক্ আহ্বান জনাই কয়– ‘স্বাৱলম্বী হ’ব পৰা অসমত ক্ষেত্র বহুত আছে৷ কিছু ব্যতিক্রমী চিন্তাৰে স্বাৱলম্বনৰ ক্ষেত্রত আগবাঢ়িলে নিশ্চিতভাৱে সফলতা আহিব৷’ নিশ্চিতভাৱে এনে এক ব্যতিক্রমী চিন্তাৰে পৰম্পৰাগত চাহপাত আৰু গ্রাম্য পর্যটনেৰে এক স্বাৱলম্বিতাৰ নতুন দুৱাৰ মুকলি কৰিছে মইনা ক্রামচাপিয়ে৷

ফোন : ৯৩৯৪৯–২২৫২৭

You might also like