নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গীত, কবিতাৰে উজ্জীৱিত পৰিৱেশ… চাৰিদুৱাৰৰ ভকতগাঁৱত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি

শোণিতপুৰৰ নদুৱাৰ সমষ্টিৰ চাৰিদুৱাৰৰ ঐতিহ্যমণ্ডিত ভকতগাঁৱত গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আৰু মহিলা, যুৱক-যুৱতী, কণ কণ শিশুৰ সহযোগত অনুষ্ঠিত কৰা হয় সদ্যপ্ৰয়াত গণশিল্পী জুবিন গাৰ্গৰ এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

গীতে-মাতে, কবিতাৰে জুবিনদাক সশ্ৰদ্ধ সোঁৱৰণ কৰে ৰাইজে। অনুষ্ঠানত ৰাইজে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন, সমূহীয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সমূহীয়াকৈ মায়বিনী ৰাতিৰ বুকুত শীৰ্ষক গীতটোও পৰিৱেশন কৰা হয়।

অনুষ্ঠানত সংগীতপ্ৰেমী উত্তম কুৰ্মী, কাৰ্তিক কোচ, জুমি দাস, দীপাংকৰ শইকীয়া, মনজিৎ শইকীয়াই জুবিনদাৰ কালজয়ী গীত পৰিৱেশন কৰ । অনুষ্ঠানৰ আঁত ধৰে প্ৰাঞ্জল প্ৰতিম বৰাই। অনুষ্ঠানটোত সমাজসেৱক যুগল বৰা, বীৰেণ শইকীয়াৰ লগতে ৰাইজ, মহিলা, কণ কণ শিশুও উপস্থিত থাকি অনুষ্ঠানত সহযোগ কৰে।

নিয়মীয়া বাৰ্তা, বালিপৰা, ২৩ অক্টোবৰ

You might also like