গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ ফলাফল ঘোষণা
ঘোষণা কৰা হ’ল বহুপ্ৰত্যাশিত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ ফলাফল। সুচাৰুৰূপে সম্পন্ন হোৱা ভোট গণনাৰ পিছতেই ঘোষণা কৰা হয় ২০২৫-২৭ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল। ফলাফল অনুসৰি-
সভাপতি পদত– খগেন কলিতা
সাধাৰণ সম্পাদক পদত– অমৰেন্দ্ৰ ডেকা
সহকাৰী সম্পাদক পদত– শ্বাহ আলম
সহকাৰী সম্পাদক (সংৰক্ষিত) পদত- পদ্মিনী হাজৰিকা
কোষাধ্যক্ষ পদত — হীৰকজ্যোতি টাইড
সাংগঠনিক সম্পাদক পদত — দীপাংকৰ কলিতা
সাংস্কৃতিক সম্পাদক পদত — সমীৰণ বৰঠাকুৰ
ক্ৰীড়া সম্পাদক পদত — দীপাংকৰ দাসে বিজয় সাব্যস্ত কৰে।
উল্লেখ্য যে উপ-সভাপতি পদত প্ৰদীপ বৰ্মন আৰু মহিলা সংৰক্ষিত আসনত ৰঞ্জিতা ৰাভা বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে। এইবাৰ ১০টা পদক কেন্দ্ৰ কৰি অনুষ্ঠিত হৈছিল নিৰ্বাচন আৰু এই পদসমূহৰ বাবে মুঠ ২২গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৩ অক্টোবৰ