নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাজো-ত নিশা চোৰাং গৰু-ম’হ সৰবৰাহকাৰী ট্ৰাক জব্দ, দুজন আটক

বিগত কেইবামাহ ধৰি বৃহত্তৰ হাজো অঞ্চলত গৰু চুৰিৰ ঘটনা বৃদ্ধি পাইছিল। চোৰে বিভিন্ন ঠাইৰ পৰা গৰু চুৰি কৰি স্থানীয় জনগণৰ মাজত আতঙ্ক সৃষ্টি কৰিছিল

হাজো আৰক্ষীয়ে নিশা অভিযান চলাই বাঘবৰৰ পৰা মেঘালয়লৈ চোৰাংভাৱে লৈ যোৱা গৰু-মহ ভৰ্তি এখন ট্ৰাক জব্দ কৰিছে। জব্দ কৰা ট্ৰাকখনৰ নম্বৰ AS-28 AC 0469 বুলি জানিব পৰা গৈছে।

ট্ৰাকখনত প্ৰায় ১৮টা গৰু-মহ পোৱা যায়। লগতে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক হাজো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

বিগত কেইবামাহ ধৰি বৃহত্তৰ হাজো অঞ্চলত গৰু চুৰিৰ ঘটনা বৃদ্ধি পাইছিল। চোৰে বিভিন্ন ঠাইৰ পৰা গৰু চুৰি কৰি স্থানীয় জনগণৰ মাজত আতঙ্ক সৃষ্টি কৰিছিল।

এই সন্দৰ্ভত হাজো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকাৰ নেতৃত্বত বিশেষ অভিযান চলি আছিল। শেষত আৰক্ষীয়ে সফলতা অৰ্জন কৰে আৰু ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে ঘটনাৰ সৈতে জড়িত অন্য ব্যক্তিসকলক চিনাক্ত কৰাৰ উদ্দেশ্যে হাজো আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ডিজিটেল ডেস্ক, ১০ নৱেম্বৰ

You might also like