নিয়মীয়া বাৰ্তা, মাৰ্ঘেৰিটা, ১০ নৱেম্বৰ : জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীত মাৰ্ঘেৰিটাত উত্তাল প্ৰতিবাদ। টাই আহোম যুৱ পৰিষদৰ উদ্যোগত আৰু টাই আহোমৰ ৬টাকৈ সংগঠনৰ উদ্যোগত কালি মাৰ্ঘেৰিটা চুকাফা প্ৰতিমূৰ্তিস্থলীৰ পৰা ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায় ১০ সহস্ৰাধিক টাই আহোম জনগোষ্ঠীৰ প্ৰতিবাদীকাৰীয়ে বিশাল জোঁৰ সমদল উলিয়াই টাই আহোমক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবী জনায়।
টাই আহোম যুৱ পৰিষদ, আহোম সভা, পয় ফুৰালুং, টাই আহোম মহিলা পৰিষদ, পূৰ্বাঞ্চল টাই সাহিত্য সভা, টাই আহোম ছাত্ৰ সন্থাসহ মাৰ্ঘেৰিটাবাসী ৰাইজৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে মাৰ্ঘেৰিটা চুকাফা প্ৰতিমূৰ্তিস্থলীৰ পৰা ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে জোঁৰ সমদল কৰি উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক শীঘ্ৰে টাই আহোমসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবী জনায়।
প্ৰতিবাদকাৰীসকলে টাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা নিৰ্বাচনৰ পূৰ্বে প্ৰদান নকৰিলে অনাগত দিনত বিজেপি নেতৃত্বাধীন চৰকাৰখনক ইয়াৰ তীব্ৰ বিৰোধৰ সান্মুখীন হ’বলৈ সাজু থাকিবলৈ হুংকাৰ প্ৰদান কৰে। মাৰ্ঘেৰিটা সমষ্টিৰ লগতে কালি ডিগবৈ, শদিয়া, কাকপথাৰ, লক্ষীপথাৰ আদি অঞ্চলৰ আহোম ৰাইজে জোঁৰ সমদল কাৰ্যসূচীত পূৰ্ণ সহযোগিতা আগবঢ়ায়। প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানাৰে মাৰ্ঘেৰিটাৰ আকাশ-বতাহ কঁপাই তোলা পৰিলক্ষিত হয়।