নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ–পূবৰ বাবে সুকীয়া দূত ইজৰাইলৰ

নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ দেশৰ উত্তৰ–পূর্বাঞ্চলৰ বাবে সুকীয়াকৈ এগৰাকী দূত (কনছাল) নিয়োগ কৰিছে ইজৰাইলে৷ ভাৰতস্থিত ইজৰাইলৰ দূতাবাসৰ পৰা এক বিবৃতিযোগে এই কথা প্রকাশ কৰা হৈছে৷ অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ আঠখন ৰাজ্যৰ বাবে নিয়োগ কৰা দূতগৰাকীৰ নাম হৈছে জয়শ্রী দাস বার্মা৷ ইজৰাইলৰ ভাৰতস্থিত ৰাষ্ট্রদূত ড০ ৰন মালকাই জাৰি কৰা বিবৃতিত কয় যে ভাৰতৰ সৈতে ইজৰাইলৰ ক্রমবর্ধমান সু–সম্পর্কৰ কথা মনত ৰাখি উত্তৰ–পূর্বাঞ্চলৰ বাবে ইজৰাইলে সান্মানিক দূত নিয়োগ কৰিলে৷ ‘আমি আশা ৰাখিছোঁ জয়শ্রী দাস বার্মাই দুয়ো দেশৰ মাজত থকা এই সম্পর্কৰ বীজ উত্তৰ–পূর্বাঞ্চলতো সম্প্রসাৰন তথা সুদৃঢ় কৰিব৷ আনহাতে, উত্তৰ–পূর্বাঞ্চলত ইজৰাইলৰ সান্মনিক দূত হিচাপে নিযুক্তি লাভ কৰি জয়শ্রী দাস বার্মাই কয়– ইয়াৰ জৰিয়তে মই যথেষ্ট গর্ব অনুভৱ কৰিছোঁ৷ উত্তৰ–পূর্বাঞ্চলত ইজৰাইলী প্রযুক্তি আৰু দক্ষতাৰ ব্যৱহাৰ কৰাৰ দিশে মই যিমান পাৰোঁ যত্ন ল’ম বুলি তেওঁ এটা বিবৃতিত প্রকাশ কৰে৷ উল্লেখ্য যে দেশৰ ঔদ্যোগিক জগতত জয়শ্রী দাস বার্মা এটা সুপৰিচিত নাম৷ ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বার্ছ অৱ কমার্চ এণ্ড ইণ্ডাষ্ট্রী, চমুকৈ ফিকিৰ মহিলা সংগঠনৰ (এফ এল অ’) অধ্যক্ষা আছিল জয়শ্রী দাস বার্মা৷

You might also like