নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুকুত ‘গুণমালা’ লৈ দুঘণ্টা পানীত ওপঙি গুৰুজনাক ব্যতিক্ৰমী স্মৰণ বজালীৰ খগেন চন্দ্ৰ ৰায়ৰ

নিয়মীয়া বার্তা, ২৯ আগষ্টঃ সমগ্র ৰাজ্যৰ লগতে আজি বজালীতো পালন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ সংখ্যক তিৰোভাব তিথি। বজালীৰ সত্ৰ-নামঘৰ আদিত যথেষ্ট ভক্তিভাৱেৰে গুৰুজনাক স্মৰণ কৰাৰ সময়তে এগৰাকী ভক্তই ব্যক্তিক্ৰমীভাৱে গুৰুজনাক স্মৰণ কৰা ঘটনাই বজালীত বিশেষভাৱে চৰ্চা লাভ কৰে৷ এগৰাকী সাধাৰণ ব্যক্তিয়ে অতি অসাধাৰণভাৱে পালন কৰা গুৰুজনাৰ তিৰোভাৱ তিথিৰ কাৰ্যক্ৰমে অঞ্চলটোৰ সকলোকে চমক খুৱাবলৈ সক্ষম হয়। পেছাত এগৰাকী দৰ্জী হিচাপে কৰ্মৰত ৬৪ বছৰীয়া এই ব্যক্তিগৰাকীয়ে কৰি দেখুৱায় আপাত দৃষ্টিত এক অসাধ্য কাম। কঠোৰ সাধনাৰ বলত যে যিকোনো অসাধ্য কামো অনায়াসে কৰিব পাৰি সেই কথাই প্রতিপন্ন কৰিলে খগেন চন্দ্ৰ ৰায় নামৰ ব্যক্তিগৰাকীয়ে। অসাধাৰণ প্ৰতিভাৰ এই ব্যক্তিগৰাকীয়ে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত মহাপুৰুষজনাক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে মহাপুৰুষগৰাকীৰ সৃষ্টিৰাজি পবিত্র গুণমালা বুকুত লৈ একেৰাহে দুঘণ্টা পনীত ওপঙি থাকি বিৰল নিদর্শন দাঙি ধৰে। বজালী জিলাৰ ঘটবৰ-সাদেৰী গাঁৱৰ ৰজাদিনীয়া ধমধমা বৰপুখুৰীত খগেন চন্দ্ৰ ৰয় নামৰ ব্যক্তিয়ে বুকুত গুণমালা ৰাখি পানীত একেৰাহে দুঘণ্টাতকৈও অধিক সময় ধৰি ওপঙি থাকি গাই যায় গুৰুজনাৰ বাণী৷ সমগ্ৰ বিশ্ব, তথা মানৱ জাতিৰ কল্যাণৰ সাধনাৰে ভকতগৰাকীয়ে চলোৱা এই প্ৰয়াসক স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ বৰপুখুৰীৰ পাৰ লোকে লোকাৰণ্য হৈ পৰে৷ বজালী জিলাৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসৰ উপস্থিতিত জিলা উপায়ুক্ত কাবেৰী বৰকাকতী শৰ্মাই ফিটা কাটি শুভাৰম্ভ কৰা অনুষ্ঠানত ভক্তগৰাকীয়ে প্ৰথমতে গুৰুজনাৰ নাম লৈ শংখ-ঘণ্টাৰ ধ্বনিৰ মাজত বৰপুখুৰীৰ পানীত নামি পৰে আৰু ইয়াৰ পিছতে হাত-ভৰি মেলি দি গভীৰ পানীৰ ওপৰত ওপঙিব আৰম্ভ কৰে। অসাধাৰণ প্ৰতিভাৰ অধিকাৰী ৰায়ে বুকুৰ ওপৰত মণিকুট, গুণমালা আৰু শ্ৰীকৃষ্ণ গীতাসহ লৈ বৃহত্তৰ পুখুৰীটোৰ ওপৰত কোনোধৰণৰ হাত-ভৰি সঞ্চালন নকৰাকৈ ওপত্তি কেইবাবাৰো পুখুৰীটো প্ৰদক্ষিণ কৰে। খগেন চন্দ্র ৰায়ে পুখুৰীত ওপত্তি থকা বিৰল দৃশ্য প্রত্যক্ষ কৰিবলৈ বৰপুখুৰীৰ পাৰত শতাধিক লোকৰ সমাগম ঘটে৷ উল্লেখ্য যে গুৰুজনাৰ একান্ত ভক্ত ৰায়ে ইয়াৰ পূর্বেও একেটি তিথিতে গুৰুজনালৈ সশ্ৰদ্ধ প্রণিপাত জনাই বজালী মহাবিদ্যালয়ৰ পুখুৰীকে আদি কৰি অঞ্চলটোৰ বিভিন্ন পুখুৰীৰ পানীত ওপঙি থাকি সমগ্র বজালীতে চর্চা লাভ কৰিছিল। শৈশৱৰে পৰা পহুমাৰা নৈত সাতুৰি নাদুৰি ডাঙৰ-দীঘল হোৱা বজালীৰ ভোলাৰ পাম নিৱাসী তথা পাঠশালা নগৰত দৰ্জী হিচাপে কৰ্মৰত ৰায়ে সংবাদ মাধ্যমৰ আগত কয় যে অভ্যাস আৰু সাধনাৰ বলতে তেওঁ এনেধৰণে পানীত ওপত্তি থাকিব পাৰিছে। বজালীৰ বাদেও সুদুৰ উৰিষ্যাৰ সাগৰ তথা মধুপুৰ সত্ৰৰ তৰোচা নদীত এনেদৰে ওপঙি বিভিন্ন লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ব্যক্তি গৰাকীয়ে বিভিন্ন দল-সংগঠন নাই বা চৰকাৰী পৃষ্ঠপোষকতা লাভ কৰিলে ভবিষ্যতে দীঘলীয়া সময়ধৰি বৃহৎ জলধাৰাত ওপত্তি থকাৰ হাবিয়াস ব্যক্ত কৰে৷
প্ৰেৰকঃ কল্যাণ কলিতা

You might also like