নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীটত সাফল্যঃ নলবাৰীৰ শিক্ষাৰ্থীক সম্বৰ্ধনা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰঃ সদ্য ফলাফল ঘোষিত সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশ পৰীক্ষাত (NEET 2022) নলবাৰীলৈ  সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হোৱা পৰীক্ষাৰ্থী অংশ জৈন, ফাহাদ আনিছ, জুলফিক হুছেইন, অৰ্ণৱ হালৈ, ৰাহুল আমিনক আজি ঘৰত গৈ এখনি ফুলাম গামোচা আৰু এখন মানপত্ৰৰে অভিনন্দন জ্ঞাপন কৰে নলবাৰী জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাই। মৰ্চাৰ জিলা সভাপতি চবিৰ আহমেদ, সামাজিক মাধ্যমৰ আহ্বায়ক মহবুবৰ ৰহমান, সংখ্যালঘু নেতা চামচুল আলী, ৰচিত আলীকে ধৰি বিভিন্ন সদস্যসকল উপস্থিত থাকে। সম্বৰ্ধনা প্ৰদান কৰি শিক্ষাৰ্থী সকলৰ ‌উজ্জ্বল ভবিষ্যত কামনা কৰে।
প্ৰেৰক প্ৰাঞ্জল শৰ্মা
You might also like