নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱৰ নাককাটি শৃংগৰ নামনিত কমতাপুৰ মহোৎসৱৰ আৰম্ভণি

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ অসমৰ এখন অন্যতম পৰ্যটনক্ষেত্ৰ হিচাপে বিবেচিত হোৱা বঙাইগাঁও জিলাৰ নাককাটি শৃংগ তথা পাহাৰৰ নামনিত আজিৰে পৰা আৰম্ভ হৈছে কমতাপুৰ মহোৎসৱ। জিলাখনৰ নৰ্থ বইটামাৰীৰ দেৱানগাওঁত থকা এই নাককাটি পাহাৰৰ শৃংগৰ নামনিৰ নৈসৰ্গিক পৰিবেশত কমতাপুৰ স্বায়ত্ব পৰিষদ আৰু অসম চৰকাৰৰ উদ্যোগত বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১৩ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আৰম্ভ হোৱা এই মহোৎসৱ আজিৰে পৰা সাতদিনলৈ অৰ্থাৎ ১১ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ৱ। আজি আৰম্ভণী দিনাই বিয়লি অনুষ্ঠিত মুকলি সভাত অংশ লয় অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। মন্ত্ৰ গৰকীয়ে সভা খনত অংশ লৈ কোচ-ৰাজবংশী ভাযা কৃষ্টি সংস্কৃতি উন্নয়নৰ ক্ষেত্ৰত অসম চৰকাৰে যথাযথ উন্নয়নৰ ব্যৱস্থা গ্ৰহন কৰিব বুলি আশ্বাস প্ৰদান কৰে। মন্ত্ৰী গৰাকীয়ে ভাষন প্ৰসংগত বীৰ চিলাৰায়ৰ আদৰ্শ তথা কৰ্মৰাজি আন্তৰাষ্ট্ৰীয় স্তৰলৈ উলিয়াই নিব লাগিব বুলি মন্তব্য কৰাৰ উপৰিও নাককাটি পৰ্যটন ক্ষেত্ৰ উন্নয়নৰ ব্যৱস্থা কৰিব বুলিও প্ৰতিশ্ৰুতিয়ো প্ৰদান কৰে। সভা খনত কমতাপুৰ স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মন , পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন, বঙাইগাওঁ জিলাৰ উপায়ুক্তকে ধৰি কেবাগৰাকী উচ্চপদস্থ আমোলা বিষয়া, পৰিষদ খনৰ কাৰ্যবাহী সদস্য সকল আৰু কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভা খনৰ পূৰ্বে পুৱাৰ পৰাই কেবাটাও কাৰ্যসুচী ৰূপায়ন হয়। মহোৎসৱ খনত কোচ-ৰাজবংশী লোক কৃষ্টি প্ৰতিফলিত হোৱাকৈ প্ৰদৰ্শনী, গ্ৰন্থমেলা, বাণিজ্যমেলা, মিনাবাজাৰ, এয়াৰ বেলুন, ট্ৰেকিং, চাইক্লিং, এডভেঞ্চাৰ টুৰিজিম, পৰম্পৰাগত খেল ধেমালি আৰু আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসুচীৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে মহোৎসৱ অনুষ্ঠিত হোৱা নাককাটি পাহাৰৰ এই শৃংগটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেক্কাভি নৱ আৰু নৰৱেৰ ট্ৰল টুংগা শৃংগৰ লগত সাদৃশ্য থকা বাবে বিখ্যাত হৈ পৰিছে। এই শৃংগটোৰ পৰা তলৰ অপৰূপ দৃশ্য উপভোগ কৰিবৰ বাবে দেশী বিদেশী পৰ্যটক প্ৰতিদিনাই ভিৰ কৰে।

প্ৰেৰক ৰুবুল কান্তি দাস

You might also like