নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত কেএচিৰ মুখ্য কাৰ্যবাহী গোকুল বৰ্মন: বিজনী মহকুমা আক্ৰাছুৰ উষ্ম আদৰণি

নিয়মীয়া বাৰ্তা২৮ছেপ্তেম্বৰঃ বিজনীৰকোচৰাজবংশী ছাত্র সন্থাৰ বিজনী মহকুমা আক্ৰাছু কাৰ্যালয়ত কেএচিৰ মুখ্য কাৰ্যবাহী গোকুল বৰ্মনক আদৰণি অনুষ্ঠান। কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ সদস্য সকলৰ শপত গ্ৰহণ হৈ যোৱাৰ পিছত বিজনী মহকুমা আক্ৰাছুৱে উষ্ম আদৰণি জনালে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গোকুল বৰ্মনক।বিজনী মহকুমা আক্ৰাছুৰ কাৰ্যালয়ত আয়োজন কৰা আদৰণি অনুষ্ঠানত মুখ্য কাৰ্যবাহী গোকুল বৰ্মনক বিজনী মহকুমা আক্ৰাছুৰ লগতে কেবাখনো আঞ্চলিক আক্ৰাছুৰ তৰফৰ পৰা কোচৰাজবংশী গামোচাৰে সম্বৰ্ধনা জনায়। কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ সন্দৰ্ভত মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি মৰ্মে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ সদস্য সকলক শপত গ্ৰহণ কৰাই পৰিষদ গঠনত আগুৱাই নিয়াৰ বাবে মুখ্যমন্ত্ৰী ড৹ শৰ্মাক ধন্যবাদ জনোৱাৰ লগতে বহুধা বিভক্ত কোচৰাজবংশী জনগোষ্ঠীৰ লোকসকল যেতিয়াই একত্ৰিত হ’ব তেতিয়াই কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ পৰিসৰ বৃদ্ধি হ’ব বুলি কয়। আনহাতে একমাত্ৰ ক্ষমতাৰ লোভত বিভক্ত হৈ থকা আক্ৰাছুৰ কোচৰাজবংশী জনগোষ্ঠীৰ স্বাৰ্থত একত্ৰিত হৈ এখন টেবুলত বহিলে কোচৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ হ’ব বুলি মন্তব্য কৰে। তেওঁ ইতিমধ্যে নব্বৈ শতাংশ কাম সম্পূৰ্ণ হোৱা বুলি উল্লেখ কৰি প্ৰতিবেদন যোৱাৰ লগে লগে জনজাতিকৰণ কাম সম্পূৰ্ণ হ’ব বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে।

ইফালে চিৰাঙত আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিত ৰায়ৰ ক্ষোভ কমতাপুৰ শ্বায়ত্ব শাসিত পৰিষদক লৈ । যিখন চৰকাৰে দুৰ্ণীতি মুক্ত নিকা বুলি দাবী কৰিছে সেইখন চৰকাৰেই আদালতৰ ৰায়ক অৱমাননা কৰি পুচ দুৱাৰেদি পলাই কমতাপুৰ শ্বায়ত্ব শাসিত পৰিষদৰ শপত গ্ৰহণ অনুষ্টিত কৰিলে বুলি অভিযোগ কৰি কয় যে পৰিষদৰ মুল পদবিত থকা দুজনৰ লগতে আন কেবাজনো কেএচিৰ বাহিৰৰ লোক। এয়া ছেটেলাইট ব্যৱস্থা নহয় যে বাহিৰৰ লোকে সুবিধা পাব। মিছাকৈ নথি দিয়া লোকক কেএচিৰ দ্বায়িত্ব প্ৰদান কৰি শপত পাঠ কৰোৱা বুলি অভিযোগ বিশ্বজিৎ ৰায়ৰ। চৰকাৰে কোচ ৰাজবংশী সকলক জনজাতিকৰণ নিদি কেএচিৰ জড়িয়তে টোপ দি বহাই থোৱাৰ অভিযোগ ৰায়ৰ। চৰকাৰে একনায়কত্ব ভাৱ লৈ মুখ্য মুখ্য মন্ত্ৰীয়ে এনে কৰাৰ অভিযোগ। মুখ্য মন্ত্ৰীয়ে এনকাউন্টাৰ কৰি মোক হত্যা কৰিব পাৰে কাৰণ মোক হত্যা কৰাৰ চেষ্টা চলোৱা সকলক আজি পুৰষ্কাৰ ৰূপে কেএচিৰ দ্বায়িত্ব দিছে । মই কিন্ত ভয় নকৰো জাতীৰ স্বাৰ্থত মুকলি ভাৱে সচা কথা কৈয়ে যাম বুলিও কয় বিশ্বজিত ৰায়ে । মুঠতে কেএচি লৈ কোনো পধ্যেই সুখি নহয় বিশ্বজিত ৰায় যি জন লোকে কোচ ৰাজবংশী সকলৰ কমতাপুৰ আৰু জনজাতীকৰণৰ আন্দোলনক নতুন মাত্ৰা দিছিল ১৫ টা বছৰে আক্ৰাছুৰ সভাপতি হৈ আছিল । তেওঁকে আজি চৰকাৰে ষৰযন্ত্ৰ কৰি কেএচি পৰিষদৰ পৰা বঞ্চিত কৰি কোচ ৰাজবংশী জনজাতীটোক উপলুঙা কৰিছে বুলিও অভিযোগ

 

 

You might also like