নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়াৰ বৰতাৰীত এক হৃদয় বিদাৰক ঘটনা:নাতিনীৰ সলিল সমাধিত হৃদ ক্ৰিয়া বন্ধ হৈ আইতাৰ মৃত্যু

নিয়মীয়া বাৰ্তা,২৮ছেপ্টেম্বৰ:-বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰতাৰী গাওঁত সংঘটিত হৈছে এক শোঁকাৱহ ঘটনা। আজি বিয়লি প্ৰায় ৩ মান বজাত কান্দুলীয়া গাঁৱৰ ছানিদুল ইছলামৰ কন্যা পাৰবিনা খাতুন (২) মাকৰ সৈতে আইতাৰ ঘৰত ফুৰিবলৈ গৈ পুখুৰীৰ পানীত পৰি সলিল সমাধি ঘটে । প্ৰনিধানযোগ্য যে, দেৱ শিশুটিৰ মৃতদেহ পুখুৰীৰ পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি কণমানি জনীৰ আইতা মানিকজান নেছা (৬০) থিতাতে অচেতন হৈ পৰে আৰু লগে লগে বৃদ্ধ আইতা জনীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় । আইতা জনী বৰটাৰী গাঁৱৰ সাহজাহান আলীৰ পত্নী । আইতা আৰু নাতিনীৰ এই অকাল মৃত্যুত অঞ্চলটোত গভীৰ শোঁকৰ ছাঁ পৰিছে।

You might also like