নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিবাদক নেওচি ডবকা সংৰক্ষিত বনাঞ্চলত কাটিব ৬,২০৮ জোপা মূল্যৱান গছ

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰঃ ১৯৭৩ চনত উত্তৰাখণ্ডৰ গাডোৱালত চণ্ডীপ্রসাদ ভাট, সুন্দৰলাল বহুগুণাৰ নেতৃত্বত আৰম্ভ হৈছিল এক আন্দোলন৷ প্রকৃতি আৰু গছ সংৰক্ষণৰ বাবে আৰম্ভ হোৱা এই আন্দোলনৰ নাম আছিল ‘চিপকো’৷ ‘চিপকো’ হিন্দী শব্দ৷ ইয়াৰ অর্থ হৈছে সাবটি ধৰা৷ বন বিভাগৰ একাংশ ঠিকাদাৰে গছ কটাৰ বিৰুদ্ধে গছক সাবটি ধৰি সুৰক্ষা প্রদানৰ চেষ্টা কৰিছিল আন্দোলনকাৰীসকলে৷ এই আন্দোলনৰ নেতৃত্ব প্রদান কৰা সুন্দৰলাল বহুগুণাৰ পত্নীৰ নেতৃত্বত মাডোৰা গাঁৱৰ মহিলাসকলে গছ সাবটি বন মাফিয়াই গছ কটা কার্যৰ বিৰোধিতা কৰিছিল৷ এই ‘চিপকো’ আন্দোলন পৰিৱেশ সুৰক্ষাৰ ক্ষেত্রত প্রধান আন্দোলন হিচাপে বিবেচিত হৈছে৷ এইবাৰ অসমত সেই ‘চিপকো’ আন্দোলনৰ আদর্শৰে বৃক্ষ সুৰক্ষা আন্দোলন আৰম্ভ কৰিছে আমছুকে আদি কৰি হোজাইৰ একাংশ লোক৷

উল্লেখ্য যে হোজাইৰ ডবকা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে যোৱা ৩৬নং ৰাষ্ট্রীয় ঘাইপথটো চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথৰ সম্প্রসাৰণৰ কৰা হ’ব৷ এই পথ পৰিকল্পনা মতে, হোজাই জিলাৰ ১৫ কিলোমিটাৰ পথৰ ভিতৰত ১২ কিলোমিটাৰ পথ ডবকা সংৰক্ষিত বনাঞ্চলখনৰ মাজেৰে যাব৷ চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথটো সম্প্রসাৰিত হোৱা বাবে বনাঞ্চলখনৰ ৬,২০৮ জোপা মূল্যৱান গছ কাটিবলগীয়া হ’ব৷ এনে কৰাৰ ফলত বনাঞ্চলখন সংকুচিত হোৱাৰ লগতে প্রাকৃতিক ভাৰসাম্য হেৰুৱাব৷ তদুপৰি ইয়াত বসবাস কৰা বন্যপ্রাণীকুলৰ প্রতিও চৰম ভাবুকি সৃষ্টি হৈছে৷ হোজাইৰ ডবকা বনাঞ্চলখন ৰক্ষাৰ স্বার্থত ডবকা আঞ্চলিক আমছু আৰু হোজাই জিলা আমছুৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত শতাধিক কর্মী–ৰাইজে ডবকা শাল বাগানত প্রতিবাদ সাব্যস্ত কৰি ঊর্ধ্বতন কর্তৃপক্ষক স্মাৰক–পত্র প্রদান কৰে৷ কিছুদিন আগতে বনাঞ্চলৰ বৃক্ষ ৰক্ষাৰ বাবে একাংশ লোকে প্রকাণ্ড প্রকাণ্ড গছত ‘আমাক নাকাটিব’, ‘আমাক হত্যা নকৰিব’, ‘আমাক সুৰক্ষা দিয়ক’, ‘অক্সিজেনৰ স্বার্থত আমাক ৰক্ষা কৰক’ আদি শ্লোগানেৰে একো একোখন প্লেকার্ড গছত আঁৰি গছসমূহ প্রত্যেকেই সাবটি ধৰি অভিনৱ প্রতিবাদ সাব্যস্ত কৰিছিল৷ পাছত বনাঞ্চলখনতেই সকলো একত্রিত হৈ ডবকা বনাঞ্চল ৰক্ষা কৰক, চাৰিলেনযুক্ত পথ নির্মাণৰ নামত গছ কটা বন্ধ কৰক, বন্যপ্রাণীৰ বাসস্থান ধ্বংস কৰা নচলিব ইত্যাদি শ্লোগান দি সমগ্র পৰিৱেশ উত্তাল কৰি তোলে৷ এই বৃক্ষ ধ্বংসৰ প্রতিবাদত হোজাই জিলা আমছুৰ সভাপতি কবিৰ আহমেদ লস্কৰে কয়– প্রস্তাৱিত চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথ সম্প্রসাৰণৰ নামত সংৰক্ষিত বনাঞ্চলখনৰ গছ কটা কার্য কোনো কাৰণতে মানি লোৱা নহ’ব৷ কিয়নো পথ সম্প্রসাৰণৰ বাবে বিকল্প পথৰ ব্যৱস্থা আছে৷ গতিকে শীঘ্রে বিষয়টো গুৰুত্ব সহকাৰে লৈ ডবকা সংৰক্ষিত বনাঞ্চলৰ পৰিৱর্তে বিকল্প পথেৰে পথছোৱা সম্প্রসাৰণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা প্রশাসনৰ ওচৰত দাবী জনাইছে৷ প্রস্তাৱিত ডবকাৰ ৩৬নং ৰাষ্ট্রীয় ঘাইপথটো বর্তমানে চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথ ডবকা সংৰক্ষিত বনাঞ্চলত মাজেদি সম্প্রসাৰিত কৰাৰ ক্ষেত্রত হোজাই আমছুৰ মুখ্য উপদেষ্টা মনোৱাৰ হুছেইনে কয় যে এই সংৰক্ষিত বনাঞ্চলত সম্প্রতি হাতী, হলৌ বান্দৰ, গিবন, পহু, বনগাহৰি, বনৰীয়া ম’হ, নাহৰফুটুকীৰ উপৰি বিভিন্ন প্রজাতিৰ বান্দৰ আৰু ধনেশ পক্ষীকে আদি কৰি বিভিন্ন প্রজাতিৰ চৰাই–চিৰিকটি বসবাস কৰি আছে৷ ইয়াৰ উপৰি মনোমোহা প্রাকৃতিক সম্পদ৷ ইতিমধ্যে বন বিভাগে পথ উন্নয়নৰ বাবে মূল্যৱান গছ কটাৰ প্রাৰম্ভিক প্রস্তুতি হিচাপে বেজ মার্কিং সম্পন্ন কৰিছে৷ এই গছ কাটিলে বনাঞ্চলখনত ৬টাকৈ হাতীদণ্ডী বিনষ্ট হ’ব৷ এই কার্য কোনোপধ্যেই আমি গ্রহণ নকৰোঁ, কিয়নো উন্নয়নৰ নামত পৰিৱেশ বিনষ্টৰ হ’ব নোৱাৰে৷ ফ’ৰলেন পথ নির্মাণৰ সময়ত মন্দিৰ, মছজিদ, চহৰ আদি ক্ষতিগ্রস্ত নোহোৱাকৈ বাইপাছ কৰি নিয়াৰ উদাহৰণ অলেখ আছে৷ চৰকাৰে সম্প্রসাৰিত কৰিবলৈ যোৱা ৰাষ্ট্রীয় ঘাইপথটো ডবকা সংৰক্ষিত বনাঞ্চলৰ পৰিৱর্তে বিকল্প পথেৰে এই পথ উন্নয়ন কৰাৰ দাবী জনায়৷ এই সংক্রান্তত আমি যোৱা ২ অক্টোবত অসম চৰকাৰৰ বনমন্ত্রীক সাক্ষাৎ কৰি জনাওঁ যে আমি উন্নয়নৰ বিৰোধী নহয়, কিন্তু উন্নয়নৰ নামত বনাঞ্চল ধ্বংস কৰি বিকল্প পথ থকাৰ পাছতো তেনে উন্নয়ন আমাক নালাগে৷ তাৰ বিৰুদ্ধে আমছুৱে ইতিমধ্যেই প্রতিবাদ আৰম্ভ কৰিছে লগতে জনসজাগতা বৃদ্ধিৰ অভিযান আৰম্ভ কৰিছে আৰু অনাগত দিনত এই আন্দোলন তীব্রতৰ কৰি তোলা হ’ব বুলি মন্তব্য কৰে জিলাৰ মুখ্য উপদেষ্টাজনে৷ এনে দাবী আৰু প্রতিবাদৰ পৰিপ্রেক্ষিতত দক্ষিণ নগাঁও বন সংমণ্ডলৰ তৰফৰ পৰা সম্প্রসাৰিত হ’ব লগা ৰাষ্ট্রীয় ঘাইপথছোৱা বনাঞ্চলৰ মাজেৰে সম্প্রসাৰণ নকৰি ডবকা আঞ্চলিক বন বিষয়াৰ কার্যালয়ৰ পিছফালেদি দীঘলজাৰুণী বনগাঁও, টঙীয়া, হীৰাগাঁও তপতজুৰি, হালধিআটী হৈ কার্বি আংলং জিলালৈ সম্প্রসাৰিত কৰাৰ পৰামর্শ প্রদান কৰিছে বুলি জনিব পৰা গৈছে৷ এনেকৈ পথছোৱা সম্প্রসাৰণ কৰিলে সংৰক্ষিত বনাঞ্চলখন সম্পূর্ণৰূপে সুৰক্ষিত হ’ব আৰু ৬,২০৮ জোপা বৃক্ষ ৰক্ষা পৰিব৷

জানিব পৰা মতে, বন বিভাগৰ এই পৰামর্শ ৰাষ্ট্রীয় ঘাইপথ প্রাধিকাৰীয়ে গ্রহণ নকৰি বনাঞ্চলখনৰ মাজেৰেই পথ নির্মাণৰ প্রস্তুতি চলাইছে৷ ৰাষ্ট্রীয় এই সংস্থাৰ নির্দেশমর্মে বন বিভাগে ৬,২০৮ জোপা বৃক্ষ কটাৰ বাবে চিনাক্ত কৰি বৃক্ষত নম্বৰ পর্যন্ত দিছে৷ তাৎপর্যপূর্ণ যে অতি সম্প্রতি গোলকীয় উষ্ণতাক লৈ সমগ্র বিশ্ব উদ্বিগ্ণ হৈ পৰিছে৷ তেনে অৱস্থাত পথ নির্মাণৰ নামত বৃহৎসংখ্যক গছ কাটিলে বাস্তৱিকতে প্রাকৃতিক ভাৰসাম্য বিনষ্ট হ’ব৷ আনকি বনাঞ্চলৰ বৃক্ষ কটা সন্দর্ভত উচ্চতম ন্যায়ালয়ৰ এক নির্দেশ আছে যদিও সেই নির্দেশনাও কেন্দ্রীয় চৰকাৰৰ এই সংস্থাই অমান্য কৰি গছসমূহ কাটি পেলোৱাৰ যি পৰিকল্পনা গ্রহণ কৰিছে, তাৰ ফলত সংৰক্ষিত বনাঞ্চলখনত থকা জীৱকুলৰ প্রতি চৰম ভাবুকিৰ সৃষ্টি হৈছে৷ চাৰিলেনযুক্ত ঘাইপথ এইফালে নির্মাণ হ’লে হাতী চলাচল কৰাটো অসুবিধাৰ সন্মুখীন হ’ব৷

আনকি চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথ এই ফালেৰে নির্মাণ হ’লে হাতীসমূহো দুর্ঘটনাত পতিত হৈ মৃত্যুকো আঁকোৱালি ল’ব বুলি প্রকৃতিপ্রেমী ৰাইজে আশংকা কৰিছে৷ এই প্রস্তাৱিত চাৰিলেনযুক্ত পথটো ডবকা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে নগৈ যদি বনাঞ্চলখনৰ কাষেৰে যায়, তেনেহ’লে মূল্যৱান গছসমূহ কটাৰ পৰা বাচি যাব আৰু ৰাইজো উপকৃত হ’ব৷ ইতিমধ্যে স্থানীয় ৰাইজ, আছু আৰু আমছুৱে বনাঞ্চলখনৰ মাজেৰে যোৱা পথটোৰ গতি সলনি কৰি বনাঞ্চলখনৰ কাষেৰে লৈ যাবলৈ হোজাই জিলা উপায়ুক্ত আৰু বন সংমণ্ডল বিষয়াক পৃথকে পৃথকে স্মাৰক–পত্রও প্রদান কৰিছে৷ এনে প্রতিবাদ হৈ থকাৰ সময়তে কালি যমুনামুখৰ বিধায়ক চিৰাজুদ্দিন আজমলেও এই আন্দোলনত সমর্থন জনায় আৰু বনাঞ্চলৰখন ৰক্ষাৰ বাবে বিধায়ক হিচাপে নিজৰ কৰণীয়খিনি কৰি যোৱাৰ আশ্বাস দিয়ে৷

You might also like