নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও আইন মহাবিদ্যালয়ৰ ৰচনা প্ৰতিযোগিতা সম্পূৰ্ণ  

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ নগাঁও চহৰৰ আইন শিক্ষাৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান নগাঁও আইন মহাবিদ্যালয়ত আজি “সংবিধান দিৱসৰ” লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখনি ৰচনা লিখা প্ৰতিযোগিতা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আয়োজিত উক্ত ৰচনা প্ৰতিযোগিতাত মহাবিদ্যালৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে কভিড প্ৰ’টকল মানি অংশ গ্ৰহণ কৰে। উক্ত ৰচনা লিখা প্ৰতিযোগিতাত বিচাৰক হিচাপে দ্বায়িত্ব পালন কৰে মহাবিদ্যালয়খনৰ প্ৰৱক্তা ক্ৰমে মনালিছা দাস আৰু কৰিশ্মা শইকীয়াই।

উক্ত ৰচনা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে প্ৰাযুক্তা বৰা, দ্বিতীয় স্থানত তন্ময় শৰ্মা আৰু তৃতীয় স্থান লাভ কৰে ছাৰা ছাত্তাৰ ৰহমানে। তেওঁলোক প্ৰত্যেককে মহাবিদ্যালয়ৰ ফালৰ পৰা মানপত্ৰৰ লগতে উপহাৰ হিচাপে একোটাকৈ কিতাপৰ টোপোলা প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত ছাত্ৰ একতা সভাৰ সভাপতি তামজিদুল আমিন, উপ সভাপতি চান্নী শইকীয়া, সাধাৰণ সম্পাদক আব্দুল আদিল, সহকাৰী সাধাৰণ সম্পাদক নেকিবুৰ ৰহমান আদিয়ে অংশ গ্ৰহণ কৰে।

You might also like