নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্তানক স্কুলত থ’বলৈ আহি থিতাতে নিহত পিতৃ, কলিয়াবৰত দুৰ্ঘটনা

  • নিজ সন্তানক স্কুলত থ’বলৈ আহি দুৰ্ঘটনাত থিতাতে নিহত পিতৃ। আহত ছাত্ৰী।
  • কলিয়াবৰ উলুৱনী ৭১৫নং ৰাষ্ট্ৰীয় পথত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • মালবাহী ট্ৰাকৰ চকাৰ তলত সোমালে বাইক আৰোহী।
  • ঘটনাস্থলীতে নিহত বিদ‍্যালয়ত ছোৱালীক থবলৈ অহা এজন লোক।
  • লোকজনৰ নাম প্ৰসন্ন বৰা।
  • কলিয়াবৰৰ বিদ্যালয়ত নিজৰ ছোৱালীজনীক থবলৈ বাইকেৰে আহিছিল প্ৰসন্ন বৰা নামৰ ব‍্যক্তিজন।
  • উলুৱনীত ৭১৫নং ৰাষ্ট্ৰীয় পথ পাৰ হোৱাৰ সময়তে তেজপুৰ দিশৰ পৰা অহা মালবাহী ট্ৰাকৰ খুন্দাত মৃত্যু হয় লোকজনৰ।
  • আঘাতপ্ৰাপ্ত ছাত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ অক্টোবৰ

You might also like