নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ উৰিয়াগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা: দুজন নিহত

নিয়মীয়া বাৰ্তা  ১০ নবেম্বৰ: যোৱা নিশা নগাঁৱৰ উৰিয়াগাঁও বাইপাছৰ সমীপৰ উৰিয়াগাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এটা শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই পথ দুৰ্ঘটনাত দুজন যুৱক থিতাতে নিহত হয়। নিহত যুৱক দুজন হ’ল ৰিংকু মেধি (৩৪) আৰু ভুপেন দাস(৩৪)। নিহত দুয়োজন যুৱকৰ ঘৰ নগাঁও জিলাৰ হাতীচোং মেধিচুকত।

জানিব পৰা মতে এ এছ ০১ এম বি ৯০৮৪ নম্বৰৰ বাইকেৰে বঢ়মপুৰৰ পৰা নগাঁও দিশে আহি থকা অৱস্থাত এ এছ ০১ জি চি ৬৭৯৫ নম্বৰৰ দহচকীয়া ট্ৰাকখনে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। ফলত বাইকখনত থকা উল্লেখিত যুৱক দুজন থিতাতে নিহত হয়। এই খবৰ লাভ কৰি নগাঁৱৰ যান- বাহন আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰে যদিও চালকজন পলাই যাবলৈ সক্ষম হয়। আজি দুয়োজন যুৱকৰ মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকক চমজাই দিয়া হয়। মৃতদেহ দুয়োটা মেধিচুক গাঁও পোৱাৰ লগে লগে গাঁওখনত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। সৰবৰহী যুৱক দুজনৰ মৃত্যুত গাওঁবাসীৰ লগতে পৰিয়ালৰ লোক শোকত ভাঙি পৰিছে। উল্লেখ্য যে যোৱা নিশা দূৰ্ঘটনাটো প্ৰায় ১০.৩০ বজাত সংঘটিত হৈছিল।

You might also like