নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকলা গুৱাহাটী : জু-ৰোডত অর্ধশতাধিক গছ কাটি তহিলং জিএমডিএৰ

বিশেষ বাৰ্তা, ১ মে’ : একপ্রকাৰ প্রহসনত পৰিণত হৈছে চৰকাৰৰ প্রকৃতি সুৰক্ষাৰ শ্লোগান৷ চৰকাৰে গছপুলি ৰোপণেৰে প্রকৃতি সুৰক্ষাৰ আহ্বান জনাই আহিলেও ইয়াৰ বিপৰীত স্থিতি পৰিলক্ষিত হ’ল গুৱাহাটী মহানগৰীত৷ যোৱানিশা জু–ৰোডৰ অর্ধশতাধিক গছ কাটি পেলায় গুৱাহাটী উন্নয়ন প্রাধিকৰণ কর্তৃপক্ষই৷ উন্নয়নৰ নামত প্রশাসনে বনধ্বংস কৰাত স্বাভাৱিকতেই ক্ষুণ্ণ হৈ পৰিছে পৰিৱেশকর্মী৷ উল্লেখ্য যে বাট–পথ নির্মাণৰ নামত চৰকাৰে ৰাজ্যৰ বিভিন্ন প্রান্তৰ অতি মূল্যৱান আৰু শতবর্ষ গৰকা বহু গছ–গছনি ইতিমধ্যে কাটি তহিলং কৰিছে৷ একেদৰে ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীতো চৰকাৰে উন্নয়নৰ নামত বহু পুৰণি গছ–গছনি কাটি সেউজ মহানগৰীখন একপ্রকাৰ টকলা কৰি পেলাইছে৷ কিছুদিন পূর্বে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে বন বিভাগ আৰু জিএমডিএৰ সহযোগত জালুকবাৰীৰ পৰা খানাপাৰালৈ ৰাষ্ট্রীয় ঘাইপথৰ দুয়োকাষত থকা সকলো গছ কাটি তহিলং কৰাত প্রকৃতিপ্রেমীৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷ একেদৰে জি এছ ৰোডৰ দিছপুৰ আৰু জনতা ভৱনতো চৰকাৰে ইতিপূর্বে উন্নয়নৰ নামত বহু মূল্যৱান গছ কাটিছে৷ উন্নয়নৰ নামত চৰকাৰ–প্রশাসনে মহানগৰীৰ গছ–গছনি কটাক লৈ চৌদিশে তীব্র প্রতিক্রিয়া অব্যাহত থকাৰ মাজতে যোৱানিশা মহানগৰীৰ জু–ৰোডত জিএমডিএই পদপথৰ দাঁতিত থকা অর্ধশতাধিক গছ কাটি পেলায়৷ জু–ৰোডত চলি থকা উৰণ সেতুৰ নির্মাণৰ বাবেই বন বিভাগৰ সহযোগত জিএমডিএই অর্ধশতাধিক প্রকাণ্ড গছ কটাক লৈ প্রকৃতিপ্রেমীৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ কোনো আগজাননী নিদিয়াকৈ জিএমডিএই মাজনিশা জু–ৰোডৰ গছ কটাত স্থানীয় লোকে প্রতিক্রিয়া প্রকাশ কৰি চৰকাৰক পূর্বৰ পৰিৱেশ ওভতাই দিয়াৰ আহ্বান জনায়৷ জিএমডিএই নিশা কটা গছ পদপথৰ দোকানত পৰাত বহু সামগ্রী নষ্ট হোৱাৰ উপৰি বিস্তৰ ক্ষতি হয়৷ যাৰ বাবে পদপথৰ ব্যৱসায়ীসকলে ক্ষোভ ব্যক্ত কৰে৷ এইক্ষেত্রত স্থানীয় সমাজকর্মী ৰাজকুমাৰ বৈশ্যই প্রতিক্রিয়া ব্যক্ত কৰি কয় যে উন্নয়নৰ নামত চৰকাৰে প্রকৃতি ধ্বংস কৰাৰ অঘোষিত প্রতিযোগিতাত নামিছে৷ উত্তৰ–পূবৰ দুৱাৰমুখ আৰু ১০ লক্ষাধিক লোকে বাস কৰা মহানগৰীত উন্নয়নৰ দোহাই দি এইদৰে গছ কাটি তহিলং কৰিলে সর্বসাধাৰণ লোক শ্বাস–প্রশ্বাসজনিত ৰোগত আক্রান্ত হোৱাটো নিশ্চিত বুলি তেওঁ মন্তব্য কৰে৷

You might also like