নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰশাসনিক সুচলতাৰ হেতু প্ৰতি সমষ্টিতে উপায়ুক্তৰ কার্যালয়!

বিশেষ বাৰ্তা, ১ মে’ : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বর্তমানৰ ৰাজ্য চৰকাৰখনে বিগত দুটা বছৰত প্রশাসনক জনসাধাৰণৰ অধিক কাষ চপাই নিয়াৰ বাবে বহু প্রশাসনিক সংস্কাৰৰ কাম কৰিছে৷ পৰিবহণ বিভাগকে ধৰি প্রায়বোৰ বিভাগতে অনলাইন ব্যৱস্থা প্রৱর্তন কৰাৰ লগতে ৰঙাফিতাৰ মেৰপেঁচ আঁতৰাই জনসাধাৰণৰ বাবে ঘৰতে বহি প্রায়বোৰ সেৱা উপলব্ধৰ ব্যৱস্থা কৰে৷ ইয়াৰ ফলত জনসাধাৰণে আর্থিক সকাহৰ লগতে সময় অপব্যয়ৰ পৰা ৰক্ষা পৰাই নহয়, অযথা হাৰাশাস্তি তথা দালালৰাজৰ পৰা যোৱা দুটা বছৰত মুক্তি লাভ কৰে৷ শেহতীয়াকৈ চৰকাৰখনে জিলা প্রশাসনক শক্তিশালী আৰু বিকেন্দ্রীকৰণ কৰাৰ বাবে পদক্ষেপ লৈছে৷ কোনো কামৰ বাবে জনসাধাৰণে যাতে জিলা উপায়ুক্তৰ কার্যালয়লৈ যাব নালাগে, তাৰ প্রতি লক্ষ্য ৰাখি প্রতিটো বিধানসভা সমষ্টিতে উপায়ুক্ত কার্যালয় স্থাপনৰ বাবে চৰকাৰে ধাৰণা লৈছে৷ আজি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই প্রশাসনিক সংস্কাৰৰ পদক্ষেপৰ বিষয়ে প্রকাশ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সেই পদক্ষেপৰ অংশ হিচাপে ৰাজ্যখনৰ ১২৬টা বিধানসভা সমষ্টিৰ প্রতিটোতে উপায়ুক্তৰ কার্যালয় স্থাপনৰ ধাৰণা লৈছে৷ অহা ১২–১৪ মে’লৈ তিনিদিনীয়া কার্যসূচীৰে তিনিচুকীয়াত হ’বলগীয়া উপায়ুক্ত সন্মিলনৰ বৈঠকত এই নতুন ধাৰণাটোৰ ওপৰত আলোচনা কৰা হ’ব৷ কালি জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকতো এই বিষয়টো সন্দর্ভত প্রায় দুঘণ্টা আলোচনা কৰা হৈছে৷ প্রতিটো বিধানসভা সমষ্টিত হ’বলগীয়া উপায়ুক্ত কার্যালয়ৰ দায়িত্বত থাকিব এজন অতিৰিক্ত উপায়ুক্ত পর্যায়ৰ বিষয়া৷ সমষ্টিৰ সেই উপায়ুক্ত কার্যালয়তেই ভূমি ক্রয়–বিক্রয়ৰ অনুমতি, স্থায়ী বাসিন্দাৰ প্রমাণ–পত্র (পিআৰচি), বন্দুকৰ অনুজ্ঞা–পত্র প্রদান, বিধায়ক পুঁজি, আনটাইড পুঁজি আদিৰ কাম সম্পন্ন হ’ব৷ প্রশাসনিক জিলা ঘোষণা নোহোৱাকৈয়ে প্রত্যেক সমষ্টিতে উপায়ুক্ত কার্যালয় স্থাপন হ’ব৷ ইয়াৰ ফলত নতুন জিলা গঠন, মহকুমা গঠনৰ দাবীও নোহোৱা হ’ব৷ এই নতুন ব্যৱস্থাত প্রশাসনিক জিলা সদৰত থকা উপায়ুক্তৰ কাম হ’ব আইন–শৃংখলাজনিত পৰিস্থিতিৰ লগতে বিভিন্ন কাম–কাজৰ নিৰীক্ষণ আৰু পুনৰীক্ষণ কৰা৷ মন কৰিবলগীয়া এয়ে যে এই প্রশাসনিক সংস্কাৰৰ জৰিয়তে প্রতিটো বিধানসভা সমষ্টিতে উপায়ুক্ত কার্যালয় স্থাপনৰ লগে লগে জনসাধাৰণে জিলা সদৰলৈ নোযোৱাকৈ নিজ অঞ্চলৰ পৰাই বিভিন্ন প্রশাসনিক কাম–কাজ কৰাৰ সুযোগ লাভ কৰিব৷ আনহাতে, অহা ১২ মে’ৰ পৰা ১৪ মে’লৈ তিনিচুকীয়াত হ’বলগীয়া উপায়ুক্ত সন্মিলনত মুখ্যমন্ত্রী ড০ শর্মাই বিভিন্ন বিভাগত ৰূপায়ণ হৈ থকা কেন্দ্রীয় তথা ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ কাম–কাজৰ পর্যালোচনা কৰিব৷ সাধাৰণ প্রশাসন বিভাগৰ এক সূত্রৰ পৰা জানিব পৰা মতে, বিভাগসমূহে ৰূপায়ণ কৰা আঁচনিসমূহৰ লক্ষ্যৰ বিপৰীতে কিমান সফলতা লাভ কৰিছে আৰু অগ্রগতিৰ হাৰ কিমান, সেই সম্পর্কত বিতং পর্যালোচনা কৰিব৷ সূত্রটোৱে সদৰী কৰা অনুসৰি, উক্ত উপায়ুক্ত সন্মিলনত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা এম জি এনৰেগাৰ কিমানসংখ্যক আঁচনি চাহ বাগিচা অঞ্চলত গ্রহণ কৰিছে, প্রধানমন্ত্রী আৱাস যোজনাৰ অধীনত নির্মাণ কৰা গৃহৰ সংখ্যা, চাহ বাগিচাত কিমানসংখ্যক প্রধানমন্ত্রী আৱাস যোজনাৰ গৃহ নির্মাণ কৰিছে, মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনাৰ অগ্রগতি কেনেধৰণৰ, এম জি এনৰেগাৰ অধীনত সম্পদ সৃষ্টিৰ স্থিতি কেনেধৰণৰ, অমৃত সৰোবৰ সম্পূর্ণ হোৱাৰ স্থিতি কেনেধৰণৰ, সেই বিষয়ে বিস্তৃতভাৱে পর্যালোচনা কৰিব৷ সেইদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত এফ এইচ টি চি, ডব্লিউ ইউ চি স্থাপন আৰু কার্যক্ষমৰ স্থিতি, বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্রত ১০০ শতাংশ টেপযোগে পানী যোগান কিমান সম্পূর্ণ হৈছে, আৰক্ষী বেটেলিয়ন–চিকিৎসাল্ কিমানসংখ্যক এফ এইচ টি চি স্থাপন কৰা হৈছে আৰু গুণগত পৰীক্ষা কৰা হৈছে, এছবিএম–জিৰ স্থিতি কি, সেই সন্দর্ভতো লক্ষ্যৰ বিপৰীতে কিমান সফল হৈছে, সেই বিষয়ে আলোচনা কৰিব৷ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ ক্ষেত্রত মিছন বসুন্ধৰা ২.০ৰ অগ্রগতি, মাণ্ডলিক মূল্যৰ অগ্রগতি, অসম মালাৰ অধীনত ভূমি অধিগ্রহণৰ স্থিতি, এছ ভি এ এম আই টি ভি এৰ স্থিতি আৰু পুনৰ জৰীপ, জিলা ভূমি বেংক স্থাপন, বান ব্যৱস্থাপনা, চৰকাৰী আঁচনিৰ বাবে ভূমি আবণ্টন, ভূমি বিক্রীৰ বাবে এন অ’ চি প্রদান আৰু অনুমতিৰ স্থিতি সম্পর্কত বৈঠকখনত পর্যালোচনা কৰিব৷ আবকাৰী বিভাগৰ ক্ষেত্রত ৰাজহ সংগ্রহ আৰু জিলা ভিত্তিত ৰাজহ সংগ্রহৰ বাবে টাস্ক ফ’চ গঠনৰ বিষয়ে পর্যালোচনা কৰিব৷ বন বিভাগৰ ক্ষেত্রত প্রতিখন জিলাতে বন ৰাজহ সংগ্রহ আৰু বনাঞ্চল বেদখলমুক্ত কৰাৰ ক্ষেত্রত জিলা ভিত্তিত পর্যালোচনা কৰিব৷ কৃষি বিভাগৰ ক্ষেত্রত প্রধানমন্ত্রী ফচল বীমা যোজনা, পি এম কিষাণৰ স্থিতি, এখন জিলাত এবিধ সামগ্রী উৎপাদনৰ ক্ষেত্রত অগ্রগতি, মিলেট উৎপাদন, ভূমি স্বাস্থ্যকার্ড প্রদান, জৈৱিক কৃষিৰ স্থিতিৰ বিষয়ে পর্যালোচনা কৰিব৷ যোগান বিভাগৰ ক্ষেত্রত ৰেচন কার্ডৰ সৈতে আধাৰ সংযোগ, ধান ক্রয়, ৰাষ্ট্রীয় খাদ্য সুৰক্ষাৰ হিতাধিকাৰীৰ ওপৰত পর্যালোচনা কৰা হ’ব৷ শক্তি বিভাগত চৰ অঞ্চলত গ্রীড সংযোগ আৰু চুবুৰীয়া ৰাজ্যৰ সীমান্তৱর্তী অঞ্চলত গ্রীড সংযোগৰ বিষয়ে আলোচনা কৰা হ’ব৷ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ ক্ষেত্রত বিগত এটা বছৰত উপায়ুক্তসকলে কিমানসংখ্যক অংগনৱাড়ী কেন্দ্র পৰিদর্শন কৰিলে, কিমানসংখ্যক অংগনৱাড়ী কেন্দ্রত ১০০ শতাংশ বৈদ্যুতিকীকৰণ হৈছে, সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্ট কিমানসংখ্যক হৈছে, প্রধানমন্ত্রীৰ মাতৃ বন্দনা যোজনাৰ অধীনত অনুদান প্রদান, শিশু সুৰক্ষাৰ বাবে পঞ্চায়ত সচিবৰ সৈতে কিমানসংখ্যক বৈঠক অনুষ্ঠিত কৰিছে, সেই বিষয়ে জিলা ভিত্তিত পর্যালোচনা কৰিব৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ক্ষেত্রত চৰকাৰী চিকিৎসালয়ত সন্তান প্রসৱ, নিশা প্রসৱ বনাম মুঠ প্রসৱ, আই এম আৰ আৰু এম এম আৰৰ স্থিতি, আয়ুষ্মান ভাৰতৰ সংখ্যা, ৫ বছৰৰ তলৰ মৃত্যুৰ হাৰ হ্রাস, জিলাত এন আৰ চি স্থাপন, পি এম জে ৱাইৰ কিমানসংখ্যক কার্ড বিতৰণ হৈছে, সেই বিষয়ে পর্যালোচনা কৰিব৷ শিক্ষা বিভাগৰ ক্ষেত্রত ইউ ডি আই এছ ই ডাটা পুনৰীক্ষণ, গুণোৎসৱত জিলাখনৰ স্থিতি আৰু ৰাষ্ট্রীয় সফলতাৰ জৰীপ, আধাতে শিক্ষানুষ্ঠান এৰাৰ হাৰ, কিমানসংখ্যক প্রাথমিক বিদ্যালয়ত এশ শতাংশ বৈদ্যুতিকীকৰণ হৈছে, শিক্ষানুষ্ঠানত লিংগভিত্তিক উপস্থিতিৰ হাৰ, আৰোহণ প্রকল্পৰ অধীনত মেণ্টৰশ্বিপৰ স্থিতিৰ বিষয়ে পর্যালোচনা কৰিব৷ গৃহ আৰু নগৰ পৰিক্রমা বিভাগৰ ক্ষেত্রত প্রধানমন্ত্রী আৱাস যোজনা–নগৰৰ অধীনত কিমানসংখ্যক গৃহ নির্মাণ সম্পূর্ণ হৈছে, নগৰ অঞ্চলত কিমান শতাংশ জনসাধাৰণক বিশুদ্ধ খোৱাপানী যোগান ধৰা হৈছে, সম্পত্তি কৰ আহৰণৰ ক্ষেত্রত দক্ষতা, স্বচ্ছ ভাৰত অভিযান নগৰৰ ক্ষেত্রত এশ শতাংশ অনাময়ৰ স্থিতি, ইক’ পার্ক–ৰাজহুৱা পার্ক নির্মাণৰ ক্ষেত্রত সফল ৰূপায়ণ, এছ বি এম–ইউৰ স্থিতিৰ ওপৰত জিলা ভিত্তিত পর্যালোচনা কৰিব৷ সাধাৰণ প্রশাসন বিভাগৰ ক্ষেত্রত ই–কার্যালয় সম্পূর্ণ কৰা, আধাৰৰ স্থিতি, চাহ বাগিচা অঞ্চলত আধাৰৰ স্থিতি, জি ই এম প’র্টেলত কিমানসংখ্যকে পঞ্জীয়ন কৰিছে আৰু জি ই এম প’র্টেলৰ জৰিয়তে জিলা ভিত্তিত কিমান সামগ্রী ক্রয় কৰিছে, সেই বিষয়ে পর্যালোচনা কৰিব৷ প্রশাসনীয় সংস্কাৰ প্রশিক্ষণ, পেন্সন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ ক্ষেত্রত আৰ টি পি এছৰ জৰিয়তে দ্রুতগতিত ৰাজহুৱা সেৱা প্রদানৰ বাবে কিমানসংখ্যক পি এফ চি স্থাপন কৰিছে, অভিযোগ নিষ্পত্তিৰ স্থিতি কি, পেন্সন সেৱা কেন্দ্রৰ জৰিয়তে কিমানসংখ্যক কেছ নিষ্পত্তি কৰা হৈছে, সেই বিষয়ে পর্যালোচনা কৰিব৷ উক্ত উপায়ুক্ত সন্মিলনতে বাল্য বিবাহ ৰোধৰ বাবে গ্রহণ কৰা পদক্ষেপ, বি অ’ পি উন্নয়নৰ বাবে গ্রহণ কৰা পদক্ষেপ, চাহ বাগিচা অঞ্চলত এম জি এনৰেগাৰ জৰিয়তে সৃষ্টি কৰা সম্পদ, স্থায়ী ভ্রমণ ডায়েৰীৰ ব্যৱস্থা ৰাখিছে নে নাই, অৰুণোদয়ৰ সংখ্যা, ভূমিপুত্র চার্টিফিকেট প্রদানৰ বিষয়ৰ ওপৰতো জিলা ভিত্তিত পর্যালোচনা কৰিব৷ তদুপৰি জিলা উপায়ুক্ত আৰু অন্যান্য বিষয়াসকলে ক্ষেত্রভিত্তিক কৰা পৰিদর্শনৰ ওপৰতো উক্ত বৈঠকতে পর্যালোচনা কৰা হ’ব৷ এইক্ষেত্রত কিমানসংখ্যক বিদ্যালয় পৰিদর্শন কৰিছে, কিমানসংখ্যক স্বাস্থ্য উপ–কেন্দ্র, হাস্পতাল, অংগনৱাড়ী কেন্দ্র, কাৰাগাৰ, সীমান্ত অঞ্চল পৰিদর্শন কৰিছে, বিধ্বস্ত মথাউৰি নির্মাণৰ বাবে চলি থকা কামৰ ক্ষেত্রত উপায়ুক্ত তথা বিষয়াসকলে ক্ষেত্রভিত্তিক পৰিদর্শন কৰিছে নে নাই, সেই বিষয়েও উক্ত সন্মিলনত মুখ্যমন্ত্রী ড০ শর্মাই ভাগে ভাগে পর্যালোচনা কৰিব৷ মুঠতে এই উপায়ুক্ত সন্মিলনৰ জৰিয়তে জিলাসমূহত চৰকাৰৰ কোনটো বিভাগৰ কোনবোৰ আঁচনি কেনেদৰে বাস্তৱ অর্থত ৰূপায়ণ হৈ আছে আৰু তাৰ অগ্রগতিৰ সবিশেষ বুজ ল’ব৷

You might also like