খৈৰাবাৰীৰ গুৰিহাটী ৰাস মহোৎসৱৰ ব্যাপক আয়োজন
ৰাসোৎসৱৰ শুভাৰম্ভ কৰিব বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে
ওদালগুৰি জিলাৰ ঐতিহ্যমণ্ডিত গুৰিহাটী ৰাস মহোৎসৱ এইবেলি ৪ নবেম্বৰৰ পৰা ১৫ নবেম্বৰলৈ ১২ দিনীয়াকৈ উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৬৫ সংখ্যক এই ৰাস মহোৎসৱটি সুচাৰুৰূপে চলাই নিয়াৰ বাবে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ সৰকাৰক সভাপতি, খৈৰাবাৰীৰ বিশিষ্ট নাগৰিক খগেন নাৰ্জাৰীক কাৰ্যকৰী সভাপতি, যুৱ নেতা মদন ৰাভা আৰু শংকৰ দাসক যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ ইতিমধ্যে এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে ।
উদযাপন সমিতিয়ে যুদ্ধ কালীন তৎপৰতাৰে ৰাসোৎসৱৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাত ব্যস্ত হৈ পৰা দেখা গৈছে । বিভিন্ন উপ সমিতিসমুহে ভাগে ভাগে কামত ব্যস্ত হৈ পৰিছে । ইপিনে মৃণ্ময় মূৰ্তিসমূহ ৰং -তুলিকাৰে সজাই -পৰাই তোলাত ব্যস্ত হৈ পৰিছে মৃণ্ময় শিল্পীসকলেও । এই বেলি গুৰিহাটী ৰাসোৎসৱৰ ষ্টলসমুহত থাকিব প্ৰায় এশটা আটকধুনীয়া মৃণ্ময় মূৰ্তি।
কাৰ্যসূচী অনুসৰি ৪ নবেম্বৰত বিয়লিৰ ভাগত ৰাধা-কৃষ্ণৰ প্ৰতিমা লৈ উলিওৱা শোভাযাত্ৰা উদ্বোধন কৰি ৰাসোৎসৱৰ শুভাৰম্ভ কৰিব অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে । ইয়াৰ পিছতে পুৰোহিত প্ৰদীপ চৌধুৰী আৰু অমূল্য শৰ্মাই স্থাপন কৰিব প্ৰতিমা । নিশাৰ ভাগত অনুষ্ঠিত হ’ব সম্বৰ্ধনা অনুষ্ঠান ।
দ্বিতীয় দিনা পুৱাৰ ভাগত ৰাস উদযাপন সমিতিৰ পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি জগদীশ সৰকাৰে। জ্যেষ্ঠ নাগৰিক নৃপেন চন্দ্ৰ সৰকাৰে মুকলি কৰিব স্মৃতি তৰ্পণ কাৰ্যসূচী। প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰিব উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি খগেন নাৰ্জাৰীয়ে। খৈৰাবাৰী সমবায় সমিতিৰ সভাপতি উমাকান্ত বড়োৱে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব ৰাসোৎসৱৰ কাৰ্যালয় । প্ৰতিমা দৰ্শনৰ দ্বাৰ উদঘাটন কৰিব বি টি চিৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰীয়ে ।
বৃহত্তৰ খৈৰাবাৰী অঞ্চলৰ ৰাইজে ব্যাপক উৎসাহ-উদ্দীপনাৰে আয়োজন কৰা এই ৰাসোৎসৱ উপলক্ষে নামকীৰ্তন, ভাগৱত পাঠ, নাগাৰা নাম, সান্ধ্য আৰতি, বাউল সংগীত ইত্যাদি আধ্যাত্মিক কাৰ্যসূচীৰ লগতে বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। সাংস্কৃতিক অনুষ্ঠানত গীতৰ শৰাই আগবঢ়াব জনপ্ৰিয় কণ্ঠশিল্পী ইলিছা বড়ো আৰু সমৰজিৎ বড়োৱে। অন্তিম দিনা সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব মন্ত্ৰী চৰণ বড়োৱে ।
ইপিনে বৈদ্যুতিক সাজ-সজ্জাৰে নিৰ্মিত আটকধুনীয়া মৃণ্ময় মূৰ্তিসমুহৰ লগতে আনন্দমেলা, বাণিজ্য মেলা, চিনেমা, চিত্ৰহাৰ, ড্ৰেগন, মৌত কা কুঁৱা ইত্যাদি উপভোগ কৰাৰ সুযোগ লাভ কৰিব দৰ্শনাৰ্থী সকলে। জনজাতীয় পৰম্পৰাগত খাদ্য সম্ভাৰৰ কেইবাখনো বিপণী থাকিব ৰাস থলীত। ৰাসোৎসৱটি শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণভাৱে চলাই নিয়াত সহায় -সহযোগ কৰাৰ বাবে সকলো পক্ষকে আহ্বান জনোৱাৰ লগতে ৰাস থলীত জুৱা খেল আৰু সুৰাৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে উদযাপন সমিতিয়ে।
নিয়মীয়া বাৰ্তা, খৈৰাবাৰী, ১ নৱেম্বৰ