নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্ধ্ৰপ্ৰদেশ-ৰ শ্ৰীভেংকটেশ্বৰ স্বামী মন্দিৰত অঘটন, ৯ ভক্তৰ মৃত্যু

অন্ধ্ৰপ্ৰদেশ-ৰ শ্ৰীকাকুলম জিলাৰ কাশীবুগ্গাত অৱস্থিত শ্ৰীভেংকটেশ্বৰ স্বামী মন্দিৰত আজি একাদশীৰ দিনা পদপিষ্টৰ ঘটনাৰ সৃষ্টি হয়। এই দুৰ্ঘটনাত ৯জন লোকৰ মৃত্যু হৈছে আৰু বহুতো ভক্ত আহত হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, কাতি মাহ উপলক্ষে বহুতসংখ্যক ভক্ত পুণ্যদৰ্শন কৰিবলৈ মন্দিৰত উপস্থিত হৈছিল। ভক্তৰ ভিৰ অত্যধিক হোৱাত স্থানীয় প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতিয়ে পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিব নোৱাৰে। হঠাৎ ঠেলাঠেলি আৰম্ভ হোৱাত ভয়ংকৰ দৌৰাদৌৰি পৰিস্থিতি সৃষ্টি হয়। বহু লোক পৰি যায়, ফলত আতংকৰ পৰিৱেশ সৃষ্টি হয়। উদ্ধাৰ আৰু সহায় কার্য এতিয়াও চলি আছে আৰু আহতসকলক ওচৰৰ হাস্পটেললৈ লৈ যোৱা হৈছে।

ডিজিটেল ডেস্ক, ১ নৱেম্বৰ

You might also like