নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৬ৰ নিৰ্বাচনক লৈ কোকৰাঝাৰত বিটিচিপ্রধান হাগ্রামাৰ ডাঙৰ ঘোষণা

ইউপিপিএল দল এনডিএত নাথাকিলে কিবা অসুবিধা হ’ব নেকি বুলি সাংবাদিকে সোধা এক প্রশ্ণোত্তৰত হাগ্রামা মহিলাৰীয়ে ইউপিপিএল দল এনডিএত থকা–নথকাটো ইউপিপিএলৰ কথা বুলি মন্তব্য কৰি ইউপিপিএল দল এনডিএত নাথাকিলে কিবা প্রভাৱ পৰিব বুলি নাভাবোঁ বুলিও কয়৷

আগন্তুক অসম বিধানসভা নির্বাচনত বিপিএফ দলে এনডিএৰ হৈ নির্বাচন খেলিব৷ তদুপৰি ৰাজ্যৰ ১২৬খন আসনৰ ভিতৰত ১০০খন আসন দখল কৰি পুনৰ এনডিএই চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে৷

কোকৰাঝাৰৰ বাওখুংগ্রী সমষ্টিৰ গেন্দ্রাবিল আৰু কাত্রিগাছা সংযোগী পথত থকা তাৰং নৈৰ ওপৰৰ পকী দলঙৰ আধাৰশিলা স্থাপন কৰি সাংবাদিকৰ আগত এই মন্তব্য কৰে হাগ্রামা মহিলাৰীয়ে৷ প্রায় ৯ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া ৮৭ মিটাৰ দৈর্ঘ্যৰ পকী দলংখনৰ আধাৰশিলা স্থাপন কৰি বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে প্রাক্তন বিটিচিপ্রধান প্রমোদ বড়োক তীব্র সমালোচনা কৰে৷

মহিলাৰীয়ে অভিযোগ কৰা মতে, প্রমোদ বড়োৰ দিনত টকা ব্যৱহাৰ কৰিব পৰা নাহ৷ তদুপৰি পূর্বৰ বিটিচি চৰকাৰৰ দিনত অনুমোদন হোৱা কামৰ আধাৰশিলা স্থাপন নকৰাৰ অভিযোগ কৰি ঠিকাদাৰসকলক কাম কৰাৰ সুবিধা দিয়া নাই বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে হাগ্রামা মহিলাৰীয়ে৷

আনহাতে কোকৰাঝাৰৰ কাৰিগাঁৱৰ পৰা কাশীবাৰী হৈ নতুন ফ্লাহ অ’ভাৰব্রিজ আৰু হাতীমাতা হৈ পুৰণি ড্রেন্সপ’ট ষ্টেচন হৈ গৌৰাং ব্রিজলৈকে চাৰিলেনযুক্ত ৰাস্তা হ’ব বুলি সদৰী কৰাৰ লগতে কোকৰাঝাৰৰ দেৱৰগাঁও, বালাজান তিনালী আৰু তিতাগুৰিত নতুন ফ্লাহ অ’ভাৰব্রিজ হ’ব বুলি সদৰী কৰে হাগ্রামা মহিলাৰীয়ে৷

ইপিনে, ইউপিপিএল দল এনডিএত নাথাকিলে কিবা অসুবিধা হ’ব নেকি বুলি সাংবাদিকে সোধা এক প্রশ্ণোত্তৰত হাগ্রামা মহিলাৰীয়ে ইউপিপিএল দল এনডিএত থকা–নথকাটো ইউপিপিএলৰ কথা বুলি মন্তব্য কৰি ইউপিপিএল দল এনডিএত নাথাকিলে কিবা প্রভাৱ পৰিব বুলি নাভাবোঁ বুলিও কয়৷

উল্লেখ্য যে অসম মালা আঁচনিৰ অধীনত তথা চিএম গুডউইল মিছনৰ এছঅ’পিডি আঁচনিৰ অধীনত নির্মাণ কৰা হ’ব উক্ত পকী দলং৷ ২০২৫–২০২৬ বিত্তীয় বর্ষত দলং নির্মাণৰ অনুমোদন লাভ কৰিছিল৷

উক্ত পকী দলঙৰ আধাৰশিলা স্থাপন কৰি হাগ্রামা মহিলাৰীয়ে কয় যে মানুহে ভাবিব চৰকাৰ গঠনৰ তিনি মাহো হোৱা নাহ, পইচা ক’ত পালে বুলি৷ কিন্তু প্রকৃততে এয়া প্রমোদ বড়ো চৰকাৰৰ দিনত অনুমোদন হোৱা কাম৷ পকী দলঙৰ আধাৰশিলাৰ কাম প্রমোদ বড়োৱে পূর্বতে কৰা নাছিল৷

আচলতে প্রমোদ বড়ো চৰকাৰৰ কাম কৰাৰ মানসিকতা নাছিল৷ ঠিকাদাৰক কাম দিয়াৰ ইচ্ছা নাছিল বুলি মহিলাৰীয়ে বিস্ফোৰক অভিযোগ কৰে৷ হাগ্রামা মহিলাৰীয়ে কয়–আজি বাক্সাত অসম মালাৰ অধীনত তিনিটা কামৰ আধাৰশিলা স্থাপন কৰা হয়৷ আজি অসম মালাৰ অধীনত গোসাঁইগাঁও আৰু টিপকাই পথৰ আধাৰশিলা স্থাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে হাগ্রামা মহিলাৰীয়ে৷

ষ্টাফ ৰিপ’ৰ্টাৰ, কোকৰাঝাৰ, ১৬ ডিচেম্বৰ

You might also like