নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭ মাহ পিছত পেহেলগামৰ সন্ত্রাসবাদী আক্রমণৰ চার্জশ্বীট দাখিল ‘নিয়া’ৰ

নিউজ ডেস্ক, ১৬ ডিচেম্বৰ : জম্মু আৰু কাশ্মীৰৰ পেহেলগামত সংঘটিত ভয়াৱহ আক্রমণৰ ঘটনাৰ সাত মাহ পিছত ৰাষ্ট্রীয় অনুসন্ধানকাৰী সংস্থা নিয়াই দাখিল কৰিলে চার্জশ্বীট৷ সংস্থাটোৱে জম্মুৰ বিশেষ নিয়া আদালতত দাখিল কৰে ১,৫৯৭ পৃষ্ঠাজোৰা এখন চার্জশ্বীট৷ এই চার্জশ্বীটখনত সন্ত্রাসবাদী সংগঠনকে ধৰি ৭ অভিযুক্তৰ নাম উল্লেখ কৰা হৈছে৷

চার্জশ্বীটখনত পাকিস্তানৰ চাজিদ জাট নামৰ এজন সন্ত্রাসবাদীৰ নাম বিশেষভাৱে উল্লেখ কৰা হৈছে৷ পাকিস্তানৰ পঞ্জাব প্রদেশৰ কছুৰ জিলাৰ বাসিন্দা তথা লস্কৰ–ই–তৈবাৰ এই সদস্যজন পেহেলগাম আক্রমণৰ মূল ষড়যন্ত্রকাৰী বুলি চার্জশ্বীটখনত উল্লেখ কৰা হৈছে৷ নিয়াই ইতিমধ্যে চাজিদ জাটৰ সন্ধান দিওঁতাজনক ১০ লাখ টকাৰ পুৰস্কাৰ দিয়া হ’ব বুলিও ঘোষণা কৰিছিল৷

ঘটনাটোৰ তদন্ত কৰি থকা সময়ছোৱাত সংস্থাটোৱে এহেজাৰতকৈও অধিক লোকৰ সাক্ষ্য গ্রহণ কৰে৷ নিয়াই ১৮০ দিনৰ বিধিগত ডেডলাইনৰ ভিতৰতে এই চার্জশ্বীট দাখিল কৰি পাকিস্তানভিত্তিক সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবা, দ্য ৰেছিছটেঞ্চ ফ্রণ্ট (টিআৰএফ) আৰু এজন হেণ্ডলাৰক অভিযুক্ত কৰে৷ এই সন্ত্রাসবাদী আক্রমণটোত পাকিস্তানৰ ষড়যন্ত্রমূলক ভূমিকাৰ কথা তথ্য–পাতিসহ উল্লেখ কৰা হৈছে৷ পাকিস্তানৰ পৰাই পেহেলগাম কাণ্ডৰ পৰিকল্পনা ৰচা হৈছিল বুলিও বিস্ফোৰক তথ্য প্ৰকাশ পাইছে।

সন্ত্রাসবিৰোধী সংস্থাটোৱে জাৰি কৰা এটা বিবৃতিত কোৱা হৈছে– জম্মুৰ বিশেষ নিয়া আদালতত দাখিল কৰা ১,৫৯৭ পৃষ্ঠাৰ চার্জশ্বীটখনত পাকিস্তানী হেণ্ডলাৰ সন্ত্রাসবাদী চাজিদ জাটৰ নামো উল্লেখ কৰা হৈছে৷ চার্জশ্বীটখনত লগতে আন তিনিজন সন্ত্রাসবাদীৰ নামো উল্লেখ কৰা হৈছে, যিসকলক যোৱা ২৯ জুলাইত শ্রীনগৰৰ ডেচিগামত অপাৰেচন মহাদেৱৰ সময়ত ভাৰতীয় সেনাই গুলীয়াই নিহত কৰে৷ তেওঁলোকক ফৈজাল জাট ওৰফে ছুলেমান শ্বাহ, হাবিব তাহিৰ ওৰফে জিবৰান আৰু হামজা আফঘানি বুলি চিনাক্ত কৰা হৈছে৷ সন্ত্রাসবাদীক আশ্রয় দিয়াৰ অপৰাধত যোৱা ২২ জুনত নিয়াই গ্রেপ্তাৰ কৰা আন দুজন অভিযুক্তক পাৰভেজ আহমেদ আৰু বছিৰ আহমেদ জোথাৰ বুলি চিনাক্ত কৰা হৈছে৷

You might also like