নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুস্বাস্থ্য বৰ্তাই ৰাখিব বিচাৰে নেকি, তেন্তে শীত কালত কৰিব নালাগে এনে ৫টা ভুল

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ ক’ৰোনাৰ বাবে গ্ৰীষ্মকাল কিদৰে অতিবাহিত হ’ল, গমেই যেন পোৱা নগ’ল। এতিয়া আহিছে শীত। শীতৰ প্ৰাৰম্ভতে সাৱধানবাণী শুনোৱা হৈছে ক’ৰোনাক লৈও। ইউৰোপৰ বহু দেশত ক’ৰোনাৰ বাবে অনা হৈছে সজাগতা। আমাৰ দেশ ভাৰততো শীতৰ সময়ত দিল্লী, মহাৰাষ্ট্ৰ, কেৰালা আদি দুই এখন ৰাজ্যত ক’ৰোনাৰ প্ৰকোপ পুনৰ আৰম্ভ হ’বলৈ ধৰিছে। এনে অৱস্থাত শীতক লৈ সাৱধানে থকাৰ বাহিৰে অন্য উপায় নাই। আনহাতে বতৰ সলনিৰ বাবে হয় বিভিন্ন ৰোগ। সেয়ে শীতকালত ৰোগ প্ৰতিৰোধী ক্ষমতা বৰ্তাই ৰাখিবলৈ কৰিব নালাগে এনে ভুল।

বহু সময় ধৰি গৰম পানীৰে স্নানঃ শীতকালত গৰম পানী ব্যৱহাৰ বহুতেই কৰে। কিন্তু গৰম পানীৰে স্নান কৰোঁতে বেছি সময় ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ বাবে মগজু আৰু দেহত বেয়া প্ৰভাৱ পৰিব পাৰে। আনহাতে গৰম পানীয়ে আমাৰ শৰীৰত থকা কেৰাটিন নামৰ ছালৰ কোষ ধ্বংস কৰে। ইয়াৰ বাবে শৰীৰৰ ছালৰ শুষ্কতা বৃদ্ধি হ’ব পাৰে।

বহুত কাপোৰ পিন্ধাঃ শীতৰ পৰা ৰক্ষা পাবলৈ সাধাৰণতে বহু কাপোৰ পিন্ধা হয়। কিন্তু এয়া স্বাস্থ্যকৰ নহয়। কিয়নো শীতত আমাৰ দেহত হোৱাইট ব্লাড ছেল বেছি পৰিমাণে উৎপাদন হয়।, যিয়ে শীতকালীন বেমাৰৰ পৰা আমাক ৰক্ষা কৰে। কিন্তু বেছি কাপোৰ পিন্ধিলে অভাৰ হিটিং হয় আৰু দেহত হোৱাইট ব্লাড ছেলৰ উৎপাদন কমি যায়।

ভোজনঃ ঠাণ্ডাৰ দিনত দেহৰ পৰা অত্যধিক কেলৰী খৰচ হয়। সেয়ে কেলৰীযুক্ত খাদ্য বা বিশেষকৈ চকলেট খাব লাগে। ইয়াৰ সলনি বাছ-বিচাৰহীনভাৱে যিকোনো খাদ্য খাব নালাগে।
কফীঃ কফী খোৱাৰ এক স্বাভাৱিক ইচ্ছা জাগ্ৰত হয় শীতত। কিন্তু বেছিকৈ কফী খোৱা অনুচিত। দিনটোত বৰ বেছি ২ৰ পৰা ৩ কাপ কফীয়েই যথেষ্ট।

কম পানী খোৱাঃ শীতত গৰমৰ দিনৰ তুলনাত কমকৈ পিয়াহ লাগে। সেয়ে বহুতে পানী নোখোৱাকৈ চলি যায়। কিন্তু এয়া ভুল। পানী কমকৈ পান কৰিলে শৰীৰ ডি-হাইড্ৰেট হোৱাৰ লগতে হজম শক্তিতো প্ৰভাৱ পৰে।

ঘৰত সোমাই থকাঃ শীতৰ বাবে বহুতে নিহালিখন লৈ শুই থকাৰ ইচ্ছা কৰে। কিন্তু ইয়াৰ দ্বাৰা শৰীৰৰ ক্ষতি হয়। শীতত ব্যায়াম কৰাৰ লগতে দেহত ৰক্ত সঞ্চালনৰ সুবিধা কৰিব লাগে।

You might also like