নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰত ৰাজপথত দাওদাওকৈ জ্বলিল ট্ৰেইলাৰ, আতংক

  • গহপুৰৰ হাৱাজানত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত হঠাৎ দাওদাওকৈ জ্বলিল ট্ৰেইলাৰ।
  • ফলত অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ আতংকৰ।
  • JH-O 2B L-6862 নম্বৰৰ ট্ৰেইলাৰখন গহপুৰৰ পৰা লখিমপুৰ অভিমুখে গৈ আছিল।
  • ট্ৰেইলাৰখনৰ যান্ত্ৰিক বিজুতিৰ কাৰণে এই অগ্নিকাণ্ড সংঘটিত হয়।
  • স্থানীয় ৰাইজ আৰু হাৱাজান আৰক্ষী চকীৰ আৰক্ষীয়ে তৎকালীনভাৱে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে।
  • অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি তৎকালীনভাৱে জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়।
  • ট্ৰেইলাৰখনত কেৱল চালকজন আহিছিল আৰু তেওঁৰ কোনোমতে প্ৰাণৰক্ষা পৰে।

ডিজিটেল ডেস্ক, ১ নৱেম্বৰ

You might also like