নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰশংসনীয় : গাঁঠিৰ ধন ভাঙি ৰাইজে সজা দলঙৰ নামকৰণ জুবিন সেতু হিচাপে

প্ৰায় ১০ লাখ টকা খৰচ কৰি ৰাইজৰ গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰিলে এখন বাঁহৰ দলং। নামকৰণ হ’ল সদ্যপ্ৰয়াত গণশিল্পীৰ নামত জুবিন সেতু হিচাপে। সাংসদ, বিধায়কে কৰিব নোৱাৰা কাম কৰি দেখুৱালে পাৰঘাটৰ লেছীয়ে। বৰপেটা আৰু গোৱালপাৰা জিলাৰ মাজত যাতায়াতৰ প্ৰাচীৰ হৈ আছে জলজলী নদীখন।

স্বাধীনতাৰ সাত দশকৰ পাছতো নৈৰ ওপৰত নহ’ল দলঙৰ সুবিধা। সেয়ে পাৰঘাটৰ লেছীয়ে সাজি উলিয়ালে প্ৰায় ৮০০ মিটাৰ দৈৰ্ঘ্যৰ বাঁহৰ সাঁকো এখন আৰু নামকৰণ হয় প্ৰাণৰ শিল্পীগৰাকীৰ সোঁৱৰণত জুবিন সেতু হিচাপে।

চৰ অঞ্চলৰ শত-সহস্ৰজনে নিতৌ পাৰাপাৰ হ’ব এই সাঁকোৰে। তদুপৰি আছে বাইক কিম্বা লঘু যান-বাহন চলাচল কৰাৰো সুবিধা। প্ৰতিবছৰৰ দৰে এইবাৰো গোৱালপাৰাৰ নৱাগত শিমলীতোলা আৰু বৰপেটাৰ বাঘমাৰা চৰ সংযোগী পাৰঘাটত সাজি উলিওৱা হৈছে এই সাঁকোখন। আনুষ্ঠানিকভাৱে যাতায়াতৰ বাবে উন্মোচন কৰা হয় সাঁকোখন।

এতিয়াৰে পৰা পথচাৰীয়ে উক্ত পাৰঘাটৰ জুবিন সেতুৰে কৰিব পাৰিব নিত্য যাতায়াত। ভুটভুটি নাৱৰ ঠাইত সদ্যহতে দলং এখন পাই উৎফুল্লিত অঞ্চলবাসী। সাংসদ ৰকিবুল হুছেইন আৰু বিধায়ক শ্বেৰমান আলী আহমেদৰ সমষ্টিত ৰাইজৰ সহযোগত পাৰঘাটৰ লেছীৰ এনে প্ৰশংসনীয় পদক্ষেপ। আগলৈ এই স্থানত পকী দলং এখনৰ দিহা কৰাটো কামনা কৰে কৃষিপ্ৰধান বৃহত্তৰ অঞ্চলবাসী ৰাইজে।

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১ নৱেম্বৰ

You might also like