নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মই ভুল কৰিছোঁ, মোক শাস্তি দিলেই হ’ল- ছমৰীয়াৰ চৌধুৰীপামত ছাত্ৰী হত্যাৰ ঘটনা

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত চৌধুৰীপামত ১৫ অক্টোবৰত দিন-দুপৰতে কলেজীয়া ছাত্ৰী এগৰাকীক চোকা অস্ত্ৰৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰা হত্যাকাৰী নুৰুল ইছলামক লৈ আজি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে৷

উল্লেখ্য যে কালাতলীৰ চৌধুৰীপাম গাঁও নিবাসী তথা সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ তৃতীয় ষাণ্মাষিকৰ অসমীয়া বিভাগৰ ছাত্ৰী খাইৰুন নেছাক পাষণ্ড নুৰুল ইছলামে নিজগৃহত অকলশৰীকৈ পাই দিন দুপৰে চোকা অস্ত্ৰৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰে৷ ছাত্ৰী গৰাকীক হত্যা কৰি পাষণ্ড নুৰুল ইছলাম ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷

উল্লেখ্য যে ক্ষেত্ৰপাৰা চৰৰ গোলাম মোস্তফাৰ পুত্ৰ নুৰুল ইছলাম নামৰ যুৱকজনে বিগত এবছৰ পূৰ্বে জোৰশিমুলীৰ চৌধুৰীপাম গাঁৱৰ আব্দুল খালেকৰ পৰিয়ালৰ সৈতে সু-সম্পৰ্ক গঢ়ি তুলিছিল৷ তেতিয়াৰ পৰাই নুৰুল ইছলামে আব্দুল খালেকৰ ঘৰত সঘনাই অহা-যোৱা অব্যাহত ৰাখিছিল৷

সেই সুযোগতে ক্ষেত্ৰপাৰা চৰৰ নুৰুল ইছলাম নামৰ পাষণ্ড যুৱকটোৱে ১৫ অক্টোবৰৰ দুপৰীয়া চৌধুৰীপাম গাঁৱৰ আব্দুল খালেকৰ ঘৰত উপস্থিত হৈ ছাত্ৰী খাইৰুন নেছাক চোকা অস্ত্ৰৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল।

ইপিনে মিৰ্জাত আত্মগোপন কৰা হত্যাকাৰী নুৰুল ইছলামক জোৰশিমুলী আৰক্ষীয়ে ১৭ অক্টোবৰত গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়৷ জানিব পৰামতে হত্যাকাণ্ড সংঘটিত কৰা ঠাইত অৰ্থাৎ খাইৰুন নেছাৰ চৌধুৰীপামস্থিত বাসগৃহত আজি দুপৰীয়া পাষণ্ড হত্যাকাৰী নুৰুল ইছলামক লগত লৈ ছয়গাঁও আৰু জোৰশিমুলী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে৷

ইপিনে তদন্তৰ মাজত ‘অন কেমেৰা’ত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰি হত্যাকাৰী নুৰুল ইছলামে মই ভুল কৰিছো, মোক শাস্তি দিয়াক বুলি প্ৰকাশ কৰে। অৱশ্যে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈকে পোহৰলৈ অহা নাই৷।ইপিনে হত্যাকাৰী নুৰুল ইছলামক ফাঁচী দিবলৈ স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে।

নিয়মীয়া বাৰ্তা, সোণতলী, ১৯ অক্টোবৰ

You might also like