৩ সন্তানৰ পিতৃ লম্পট যুৱকৰ কামনাৰ বলি মূকবধিৰ যুৱতী
লম্পট যুৱকৰ কামনাৰ বলি এগৰাকী মূকবধিৰ যুৱতী। ঘৰত কোনো নথকাৰ সুযোগ লৈ বলপূৰ্বক ধৰ্ষণ যুৱতীগৰাকীক। ৬ মাহৰ অন্তঃসত্ত্বা যুৱতীগৰাকীক লৈ ন্যায় বিচাৰি থানাত এজাহাৰ ভুক্তভোগী পৰিয়ালৰ।
নগৰবেৰাৰ ১নং পলাহৰটাৰীত সংঘটিত হৈছে তেনে এক জঘন্য কাণ্ড। গাঁওখনৰ ছাত্তাৰ আলীৰ পুত্ৰ জিয়াবুৰ ৰহমানে সংঘটিত কৰিলে এই কাণ্ড। জিয়াবুৰ ৰহমান তিনি সন্তানৰ পিতৃও। ঘৰত পত্নী-সন্তানক এৰি কুকীৰ্তি ৰাখিলে লম্পট জিয়াবুৰে।
জানিব পৰা মতে অভিযুক্ত জিয়াবুৰ ভুক্তভোগী যুৱতীগৰাকীৰ সম্পৰ্কীয় ভাতৃও। সম্পৰ্কীয় ককায়েকেই সৰ্বনাশ কৰিলে ভনীয়েকৰ।
নগৰবেৰা থানাত এজাহাৰ দাখিল কৰি ন্যায় বিচাৰি হাহাকাৰ কৰিছে দুখীয়া পৰিয়ালটিয়ে।
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৯ অক্টোবৰ