নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰমৰ নেতা ড০ শর্মাক মুখ্যমন্ত্রী ৰূপে বিচাৰে জালুকবাৰীৰ জনগণে

নিয়মীয়া বাৰ্তা ৪ মেঃ জালুকবাৰী সমষ্টিৰ ৰাইজৰ মাজত তেওঁলোকৰ মৰমৰ নেতা ড০ হিমন্ত বিশ্ব শর্মাক মুখ্যমন্ত্রীৰ দায়িত্ব অর্পণ কৰিব লাগে বুলি ব্যাপক চর্চা আৰম্ভ হৈছে৷ সমষ্টিটোৰ আগডলা, বেজেৰা আৰু মান্দাকাটা গাঁও পঞ্চায়তৰ লগতে প্রায় সকলোবোৰ গাঁও পঞ্চায়তৰ তৰফৰ পৰা জালুকবাৰী সমষ্টিৰ প্রিয় নেতাগৰাকীক মুখ্যমন্ত্রীৰ দায়িত্ব অর্পণ কৰিবলৈ বিজেপি দলৰ কেন্দ্রীয় নেতৃত্বৰ ওচৰত তীব্র দাবী উত্থাপন কৰিছে৷ ইফালে, ড০ হিমন্ত বিশ্ব শর্মাক মুখ্যমন্ত্রী নিয়োগ কৰিবলৈ বিজেপি দলৰ হাইকমাণ্ডৰ ওচৰত দাবী উত্থাপন কৰিছে কাটলিচেৰা বিধানসভা সমষ্টিৰ একাংশ বিজেপি কর্মীয়ে৷ আজি এক বিবৃতিযোগে কাটলিচেৰা বিধানসভা সমষ্টিৰ বিজেপি কর্মীসকলৰ হৈ আঞ্চলিক পঞ্চায়তৰ প্রাক্তন সভাপতি তথা বিজেপি নেতা গোপী দেৱ, মলয় ভট্টাচার্য প্রমুখ্যে কেইবাগৰাকীও বিজেপিৰ নেতা–কর্মীয়ে এক বিবৃতিযোগে ড০ হিমন্ত বিশ্ব শর্মাক মুখ্যমন্ত্রীৰ দায়িত্ব অর্পণ কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী, গৃহমন্ত্রী অমিত শ্বাহ সমন্বিতে বিজেপিৰ কেন্দ্রীয় নেতৃত্বক আহ্বান জনাইছে৷

You might also like