নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেলতলাৰ কয়লা ছিণ্ডিকেটত যোৰাবাট–বশিষ্ঠ আৰক্ষীৰ ট্রাক

নিয়মীয়া বাৰ্তা ৪ মেঃ  বেলতলাৰ কয়লা ছিণ্ডিকেটত মহানগৰ আৰক্ষীৰ একাংশ আৰক্ষী বিষয়া জড়িত হৈ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি, যোৰাবাট আৰু বশিষ্ঠ আৰক্ষীক মেনেজ কৰি কয়লা মাফিয়াই প্রতিদিনে ১০০ৰ পৰা ১৫০ অবৈধ কয়লাভর্তি ট্রাক মেঘালয়ৰ পৰা বেলতলালৈ সৰবৰাহ কৰি আহিছে৷

অসম আৰক্ষীৰ শীর্ষ বিষয়াৰ ছত্রছায়াত কয়লা মাফিয়া চনুৱে চলাই থকা কয়লাৰ ছিণ্ডিকেট চক্রই প্রতিখন ট্রাকৰ পৰা ২৩ৰ পৰা ২৫ হাজাৰ টকাকৈ সংগ্রহ কৰি আহিছে৷ অভিযোগ অনুসৰি, মেঘালয়ৰ পৰা যোৰাবাট আৰক্ষী চকী আৰু বশিষ্ঠ থানাৰ সন্মুখেৰে প্রতিনিশাই এই ছিণ্ডিকেট বাহিনীয়ে বেলতলালৈ অবৈধ কয়লাৰ ট্রাক সৰবৰাহ কৰি আহিছে৷ কয়লা ছিণ্ডিকেট বাহিনীৰে সু–সম্পর্ক ৰক্ষী কৰি অহা যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া আৰু বশিষ্ঠ থানাৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীয়ে ছিণ্ডিকেট চক্রটোৰ সৈতে জড়িত হৈ থকা শীর্ষ আৰক্ষী বিষয়াৰ অজ্ঞাতে প্রতিদিনে ২০খনকৈ অবৈধ কয়লাভর্তি ট্রাক মেঘালয়ৰ পৰা বেলতলালৈ সৰবৰাহ কৰাৰ ঠিকা প্রদান কৰিছে৷ ছিণ্ডিকেট চক্রটোৰ সৈতে জড়িত হৈ থকা কৃষ্ণ, বিজু, সুদীপ পালে এই ২০খন ট্রাকৰ পৰা সংগ্রহ কৰা গুণ্ডাকৰ প্রতি সপ্তাহে বশিষ্ঠ থানাৰ ভাৰপ্রাপ্ত বিষয়া আৰু যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীক আদায় দি অহাৰ অভিযোগ উত্থাপন হৈছে৷

অভিযোগ অনুসৰি, অবৈধ কয়লাৰ ট্রাকৰ পৰা গুণ্ডাকৰ সংগ্রহ কৰা কৃষ্ণই এই ২০খন ট্রাকৰ পৰা সংগ্রহ কৰা ধনৰাশিৰ ১৩ লাখ টকা প্রতি সপ্তাহে বশিষ্ঠ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াগৰাকীক আদায় দিয়াৰ বিপৰীতে যোৰাবাট আৰক্ষী চকীৰ বিষয়াগৰাকীক ৭ লাখ টকা আদায় দি আহিছে৷ প্রতিদিনে কৃষ্ণই ২০খন ট্রাকৰ পৰা ৫ লাখকৈ টকা সংগ্রহ কৰে৷ প্রতি সপ্তাহত ৩৫ লাখ টকা সংগ্রহ কৰি ২০ লাখ টকা যোৰাবাট আৰু বশিষ্ঠ আৰক্ষীক দি বাকী ৰোৱা ধনৰাশি পাছিং মাফিয়া কৃষ্ণ, চনু, বিজু, সুদীপ, কুলদীপ বাহিনীৰ মাজত ভাগ–বাটোৱাৰা কৰি আহিছে৷

জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে নিয়োজিত আৰক্ষীয়ে কয়লা ছিণ্ডিকেটত জড়িত হৈ সম্পত্তিৰ পাহাৰ গঢ়িছে৷ যোৰাবাট আৰু বশিষ্ঠ আৰক্ষী কয়লা ছিণ্ডিকেটত জড়িত হৈ পৰা বিষয়টো তদন্ত কৰিবলৈ আৰক্ষী সঞ্চালকপ্রধান আৰু মহানগৰ আৰক্ষী আয়ুক্তক দাবী জনাইছে সমাজ সচেতন ৰাইজে৷

You might also like