নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত ৭২ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী অতুল বৰাৰ

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰী: যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত যোৰহাট কাচাৰী ময়দানত পালন কৰা হয় ৭২ তম গণৰাজ্য দিৱস।

আজি যোৰহাটত গণৰাজ্য দিৱসত সামৰিক অভিবাদন গ্ৰহণ কৰি পতাকা উত্তোলন কৰে কৃষি মন্ত্ৰী অতুল বৰাই। এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, যোৰহাটৰ উপায়ুক্ত সহ জিলাখনৰ বহু বিভাগীয় মুৰব্বী।

ইফালে গণৰাজ্য দিৱসৰ ভাষণত মন্ত্ৰী অতুল বৰাই প্ৰথমে দেশৰ ছহীদসকলক স্মৰণ কৰে আৰু তাৰ পাচতে ৰাজ্য চৰকাৰে ৰূপায়ন কৰা বিভিন্ন আচনি সম্পৰ্কে অৱগত কৰে।

ইয়াৰ পাচতে অসম আৰক্ষী, এন চি চি, বহু কেইখন স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে পেৰেদ প্ৰদৰ্শন কৰে।
লগতে বহু কেইটা বিভাগৰৰ প্ৰতিক পদ প্ৰদৰ্শন কৰে।

উল্লেখ্য যে গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত প্ৰবীন মুক্তি যোদ্ধাসকলৰ পৰিয়াল আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ আগবঢ়োৱা অৱদানৰ বহু কেইজনক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

You might also like