নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম পাঞ্জা সন্থাৰ নতুন সমিতি গঠনঃ সভাপতি পদত পার্থসাৰথি মহন্ত

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পার্থসাৰথি মহন্তক সভাপতি, ড০ নৱজ্যোতি বৰাক কার্যকৰী সভাপতি, আন্তঃৰাষ্ট্রীয় পাঞ্জা খেলুৱৈ প্রাণপ্রতিম চলিহাক সাধাৰণ সম্পাদক আৰু ৰমেন্দ্র কুমাৰ চমুৱাক কোষাধ্যক্ষ হিচাপে লৈ অসম পাঞ্জা সন্থাৰ নতুন কার্যকৰী সমিতিখন গঠন কৰা হৈছে৷

দিলীপ কুমাৰ বৰাৰ অধ্যক্ষতাত কালি শিলপুখুৰীস্থিত স্থায়ী কার্যালয়ত অনুষ্ঠিত বার্ষিক সাধাৰণ সভাত নতুন কার্যকৰী সমিতিখন বাছনি কৰা হয়৷ নৱ নির্বাচিত সভাপতি পার্থসাৰথি মহন্তই কার্যভাৰ গ্রহণ কৰি প্রথমখন কার্যকৰী সভা আয়োজন কৰি অসমৰ যুৱ প্রজন্মৰ মাজত পাঞ্জাৰ প্রচাৰ আৰু প্রসাৰৰ লগতে সামগ্রিক উন্নয়নৰ লক্ষ্যৰে এলানি পৰিকল্পনা যুগুত কৰে৷ এই সভাত ২০২১ৰ শেষৰ ফালে উত্তৰ–পূব ভিত্তিত এখন প্রাইজমানী পাঞ্জা প্রতিযোগিতা আয়োজনৰো সিদ্ধান্ত গ্রহণ কৰা হয়৷

You might also like