নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাকৰি নিয়মীয়াকৰণ,অন্যান্য দাবীত কাৰিকৰী শিক্ষা সঞ্চালকলৈ নতুন পলিটেকনিক ফেকাল্টী এছ’চিয়েচনৰ স্মাৰক পত্ৰ

অন্যথা ৪ জানুৱাৰীৰ পৰা চাৰিদিনীয়া কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা,২৪ ডিচেম্বৰঃ ২০১৭ চনৰ পৰা অসমৰ এঘাৰখন জিলাত নতুনকৈ স্থাপন কৰা পলিটেকনিক কলেজত কৰ্মৰত ফেকাল্টী সকলৰ চাকৰি নিয়মীয়াকৰণৰ লগতে অন্যান্য দাবীৰ সমৰ্থনত কালি নতুন পলিটেকনিক ফেকাল্টী এচ’চিয়েছন,অসম চমুকৈ নেপফাই অসম চৰকাৰৰ কাৰিকৰী শিক্ষা সঞ্চালকক স্মাৰক পত্ৰ প্ৰদান কৰে। সংগঠনটোৰ সভাপতি ড৹ নেত্ৰমণি বৰুৱা আৰু সাধাৰণ সম্পাদক অলকেশ শৰ্মাৰ স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰে যে ২০১৭ চনৰ পৰা অসমৰধেমাজি,লখিমপুৰ,শিৱসাগৰ,গোলাঘাট,শোণিতপুৰ,কামৰূপ,নলবাৰী,বাক্সা,বৰপেটা,গোৱালপাৰা আৰু কৰিমগঞ্জ জিলাত নতুনকৈ প্ৰতিষ্ঠা কৰা পলিটেকনিক কলেজ সমূহত বিভাগৰ যাৱতীয় বিধি অনুযায়ী পশিছ হাজাৰ টকাকৈ পাৰিতোষিক হিচাপে ফেকাল্টী সকলক মকৰল কৰিছিল। কিন্তু প্ৰায় তিনি বছৰ আঠ মাহ উকলি যোৱাৰ পিছতো ফেকাল্টী সকলৰ দৰমহা বৃদ্ধিৰ লগতে পদ সমূহ উন্নীতকৰণৰ কোনো ব্যৱস্থা হাতত নললে। সেয়ে ২০১৭ চনৰ পৰা একেটা নিৰিখতে অসমৰ নতুনকৈ স্থাপন কৰা পলিটেকনিক সমূহত অতিথি আৰু অংশকালীন ফেকাল্টী সকলৰ চাকৰি নিয়মীয়াকৰণ কৰা,চাকৰিৰ নিৰাপত্তা নিশ্চিতকৰণৰ ক্ষেত্ৰত অহা ৪ জানুৱাৰীৰ আগত ৰাজ্য চৰকাৰৰ পৰা লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰা, ৪ জানুৱাৰীৰ আগত ৰাজ্য চৰকাৰৰ কোনো ইতিবাচক সহাৰি লাভ নকৰিলে ৪ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈকে সৰ্বাত্মক কৰ্মবিৰতি পালন কৰাৰ সিদ্ধান্ত লোৱা কথা সন্নিবিষ্ট কৰি ৰাজ্যৰ কাৰিকৰী শিক্ষা সঞ্চালকলৈ স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰৰ প্ৰতিলিপি নতুনকৈ স্থাপন কৰা পলিটেকনিক কলেজৰ অধ্যক্ষৰ জৰিয়তে অসমৰ শিক্ষামন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ প্ৰধান সচিব, ধেমাজি,লখিমপুৰ,শিৱসাগৰ,গোলাঘাট,শোণিতপুৰ,কামৰূপ,নলবাৰী,বাক্সা,বৰপেটা,গোৱালপাৰা আৰু কৰিমগঞ্জ জিলাৰ উপায়ুক্ত আৰু নতুনকৈ প্ৰতিষ্ঠিত একৈশখন পলিটেকনিক কলেজৰ অধ্যক্ষলৈ প্ৰেৰণ কৰে।

You might also like