নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চোৰ চিৰাজৰ বিলাসী জীৱন : গুৱাহাটীত ছয়, বাকী জিলাত ৬ পত্নী

বিশেষ বাৰ্তা, ১ মেঃ মহানগৰ আৰক্ষীৰ জালত পৰিছে কুখ্যাত চোৰ৷ এটা নহয়, দুটা নহয়, ৰাজ্যজুৰি থানাসমূহত বহু গোচৰ ৰুজু হৈ আছে এই কুখ্যাত চোৰটোৰ বিৰুদ্ধে৷ অকল গুৱাহাটী মহানগৰীতে চোৰটোৰ বিৰুদ্ধে ৰুজু হৈ আছে ২৬টা গোচৰ৷ অসম আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰা কুখ্যাত চোৰটো হ’ল চিৰাজ আলী (৩৭)৷ নলবাৰী জিলাৰ মুকালমুৱাৰ বাসিন্দা চিৰাজ যোৱানিশা নাটকীয়ভাৱে সাতগাঁও আৰক্ষীৰ জালত পৰে৷ নিশা ছয়মাইলৰ এখন ৰেস্তোৰাঁত পত্নীৰ সৈতে আহাৰ গ্রহণ কৰি থকাৰ সময়তে গোপন সূত্রৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে গ্রেপ্তাৰ কৰে চিৰাজ আলীক৷ উল্লেখ্য যে সাতগাঁও আৰক্ষী থানাত ইতিপূর্বে ৰুজু হোৱা ১৬৪/২২ নম্বৰৰ গোচৰৰ অধীনত গ্রেপ্তাৰ কৰা হয় কুখ্যাত চোৰ চিৰাজক৷ ২০২২ বর্ষৰ অক্টোবৰত বাঘৰবড়িত ছানৰাইজ এপার্টমেণ্টত থকা এগৰাকী উচ্চপদস্থ বিষয়াৰ ঘৰত চিৰাজে চুৰি কৰিছিল৷ এই গোচৰতে আৰক্ষীয়ে চোৰটোক গ্রেপ্তাৰ কৰে৷ লক্ষণীয় যে ১৯৯৫ চনৰ পৰাই কুখ্যাত চোৰ আলীৰ বিৰুদ্ধে মহানগৰীৰ থানাত গোচৰ ৰুজু হৈছিল৷ মহানগৰীৰ গীতানগৰ, দিছপুৰ, ভৰলুমুখ, বশিষ্ঠ, সোণাপুৰ, হাতীগাঁও, আজাৰা, গড়চুক, নুনমাটি, চানমাৰিকে ধৰি প্রায় প্রতিখন থানাতেই আলীৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ৷ আৰক্ষী সূত্র এটাই জনোৱা মতে, গুৱাহাটীতে অকল ২৬টা গোচৰ আলীৰ বিৰুদ্ধে ৰুজু হৈ থকাৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত অসংখ্য গোচৰ ৰুজু হৈ আছে৷ কুখ্যাত চোৰ আলীৰ অকল গুৱাহাটীতে আছে ছয়গৰাকী পত্নী৷ সূত্রটোৱে জনোৱা মতে, গুৱাহাটীৰ বাদেও যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, ধেমাজি, ধুবুৰী, নলবাৰীতো একোগৰাকীকৈ পত্নী আছে আলীৰ৷ চৌর্যবৃত্তিক একপ্রকাৰ নিচা–পেছা কৰি লোৱা আলীয়ে গৰু চুৰি, গাড়ী চুৰি, এটিএম চুৰি কৰি অতদিনে অসম আৰক্ষীৰ বাবে মূৰৰ কামোৰণিত পৰিণত হৈছিল৷ সূত্রটোৱে সদৰী কৰা মতে, ধৃত আলীয়ে য’তেই বৃহৎ চুৰিকাণ্ড সংঘটিত কৰে, তাতেই একোগৰাকী মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ পেছাগতভাৱে চোৰ হ’লেও এটা বিলাসী জীৱন–যাপন কৰে আলীয়ে৷ বেলতলা ছার্ভেৰ বশিষ্ঠপুৰ ১নং বাইলেনৰ এটা ফ্লেটত ভাৰাতীয়া হিচাপে থকা আলীৰ বিভিন্ন ঠাইত বহু সম্পত্তি আছে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে৷ সূত্রটোৱে জনোৱা মতে, আলীৰ সমস্ত কু–কর্মত অন্যতম সহযোগী হিচাপে আটাইকেইগৰাকী পত্নীয়ে সহায় কৰিছিল৷ কুখ্যাত চোৰটোৱে চুৰিৰ পূর্বে যিকোনো এটা অভিজাত এলেকা নির্বাচন কৰি তাত প্রথমে ভাৰাতীয়া হিচাপে বাস কৰে৷ তাৰ পিছতেই ছেগ বুজি চুৰি কৰে৷ কুখ্যাত চোৰটোৰ সৈতে আন কেইবাটাও চক্র জড়িত হৈ থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷ আজি আৰক্ষীয়ে চোৰটোক আদালতত হাজিৰ কৰায়৷ আদালতে পাঁচ দিনৰ আৰক্ষী জিম্মালৈ চোৰটোক প্রেৰণ কৰে৷ সূত্রটোৱে সদৰী কৰা মতে, ধৃত চোৰটোৰ জিম্মাৰ পৰা আৰক্ষীয়ে বহু সোণৰ গহনা, নগদ ধন, আপত্তিজনক বহু সামগ্রী উদ্ধাৰ কৰিছে৷ ধৃত চোৰটোক বর্তমানে মাৰাথন জেৰা চলাই আছে আৰক্ষীয়ে৷

You might also like