নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত মাস্ক পৰিধান নকৰা ব্যক্তিৰ পৰা সংগ্ৰহ লক্ষাধিক টকাৰ জৰিমনা

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ যি সময়ত সমগ্ৰ দেশতে ক’ভিড ১৯ অতিমাৰীয়ে ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰিছে, সেই সময়তো স্বাস্থ্য বিভাগৰ আহ্বান আৰু নিৰ্দেশ উলংঘা কৰি ৰাজ্যত একাংশ লোকে অৰাজক পৰিৱেশ সৃষ্টি কৰাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছে।

আজি মৰিগাঁও নগৰত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলাৰ নেতৃত্বত আৰক্ষীৰ দলে অভিযান চলাই ক’ভিড বিধি উলংঘা কৰি মাস্ক নিপিন্ধাকৈ ঘূৰি ফুৰা প্ৰায় ২ শতাধিক লোকক ১০০০ টকাকৈ জৰিমনা ভৰোৱাৰ লগতে সতৰ্ক বাণীও প্ৰেৰণ কৰে।

আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলাই কয় যে নাগৰিকৰ জীৱন ৰক্ষাৰ স্বাৰ্থত আৰক্ষী কঠোৰ হ’বই লাগিব আৰু মৰিগাঁও জিলাত কোনো লোকে যাতে মাস্ক পৰিধান নকৰাকৈ ওলাই নাহে, তাৰ বাবে আহ্বান জনাইছে।

নহ’লে আৰক্ষীয়ে সেইসকল ব্যক্তিৰ বিৰুদ্ধে অতি কঠোৰ পদক্ষেপ লোৱা হ’ব বুলি ঘোষণা কৰে।

You might also like