নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ মে’ৰ পৰা ক’ৰোনা ভেকচিন ল’ব পাৰিব এওঁলোকেও

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ অহা ১ মে’ৰ পৰা হ’বলগীয়া ক’ৰোনা ভেকচিনেচনৰ তৃতীয় পৰ্যায়ত ১৮ বছৰৰ ঊৰ্ধ্বৰ সকলো ভাৰতীয়ই ল’ব পাৰিব ক’ৰোনা ভেকচিন।

আজি সন্ধিয়া ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত ঘোষণা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত এক বৈঠকৰ পিছত চৰকাৰে এই ঘোষণা কৰে।

কেন্দ্ৰীয় চৰকাৰে ইয়াৰ লগতে খুব কম সময়ৰ ভিতৰতে দেশৰ গৰিষ্ঠসংখ্যকে এই ভেকচিন ল’ব পৰাকৈ আন্তগাঁথনি তৈয়াৰ কৰাত মনোযোগ দিয়া বুলি জানিব পৰা গৈছে।

You might also like