নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় যোগাসন ক্রীড়া মহাসংঘৰ কার্যনির্বাহক সদস্য হিচাপে নির্বাচিত বিকাশ গোস্বামী

বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰঃ অসমৰ যোগাসন ক্রীড়াৰ সংগঠক বিকাশ গোস্বামীক ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্রীড়া মন্ত্রালয়ৰ অনুমোদিত সংস্থা ৰাষ্ট্রীয় যোগাসন ক্রীড়া মহাসংঘৰ কার্যনির্বাহক সদস্য হিচাপে নির্বাচিত হৈছে। পতঞ্জলি যোগপীঠ অসমৰ সভাপতি তথা সদৌ অসম যোগাসন ক্রীড়া সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা গোস্বামীৰ নেতৃত্বত অসমৰ বিভিন্ন ঠাইত ঘূৰি পকি সেই ঠাইৰ পৰা প্রতিভা সমূহক উলিয়াই আনি ৰাষ্ট্রীয় প্রেক্ষাপটত চিনাকি কৰোৱাৰ অবিৰত প্রচেষ্টাৰ এয়া এক স্বীকৃতি বুলি গণ্য কৰা হৈছে ৷ জ্যেষ্ঠ সকলৰ লগতে কিশোৰ কিশোৰী যুৱচামৰ মাজত যোগাভ্যাসৰ প্রৱণতা বৃদ্ধিৰ বাবে প্রধানমন্ত্ৰীৰ ঐকান্তিক প্রচেষ্টাতে ভাৰতৰ বিভিন্ন যোগসংগঠক সমূহ একত্রীকৰণ কৰি NYSF National Yogasana Sports Federation গঠন কৰা হয়। গঠন হোৱা দিনৰে পৰা বিকাশ গোস্বামী আৰু তেখেতৰ অনুগামী সকলে এই ক্ষেত্রত অগ্রণী ভূমিকা গ্ৰহণ কৰে। সেইদৰেই খেল ‘ ইন্ডিয়াত প্রথমবাৰৰ বাবে অন্তর্ভুক্ত যোগাসন ক্রীড়াত অংশ লৈ অসমৰ এজন খেলুৱৈয়ে ৰূপৰ পদক অর্জন কৰিবলৈ সক্ষম হৈছিল। অহা ৬ অক্টোবৰৰ পৰা গুজৰাটত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্রীয় গেমছতো অসমৰ যোগাসন ক্রীড়াৰ খেলুৱৈয়ে অংশগ্রহনৰ সুবিধা লাভ কৰিছ ৷ এইবাৰ ৰাষ্ট্রীয় পর্যায়ত নিজৰ কর্মতৎপৰতা প্রদর্শন কৰিবলৈ সক্ষম হোৱা গোস্বামীৰ নেতৃত্বত আগন্তুক প্ৰতিযোগিতা সমূহত অসমৰ পৰা অধিক খেলুৱৈক অংশ গ্রহণ কৰোৱাব পৰা যাব বুলি আশা কৰা হৈছে ৷

You might also like