নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতীক্ষাৰ অন্তঃ ৩০ ছেপ্টেম্বৰত চিত্ৰগৃহলৈ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত ছবি ব্ৰিজ

বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰঃ অহা ৩০ ছেপ্টেম্বৰত অসমৰ প্ৰায় অৰ্ধশতাধিক ছবি গৃহত মুক্তি লাভ কৰিব লগিয়া ব্ৰিজ চিনেমাৰ প্ৰচাৰৰ বাবে ডিব্ৰুগড়ত উপস্থিত হয়হি চলচ্চিত্ৰ খনৰ পৰিচালক-অভিনেত্ৰী সহ কলাকুশলী সকল। ইতিমধ্যে দেশে বিদেশে বিভিন্ন সন্মানীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ দৰ্শক সমালোচক ৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰাৰ লগতে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিব সক্ষম হোৱা ব্ৰিজ চলচ্চিত্ৰই অসম বাসীৰ ৰাইজে অভূতপূৰ্ব সহাৰি লাভ কৰিব বুলি আশা কৰিছে। ২০২০ চনত ৫১ সংখ্যাক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI) বঁটা লাভ। ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ। IFFI ত বঁটা লাভ কৰা অসমৰ প্ৰথম খন আৰু এতিয়লৈ একমাত্ৰ চিনেমা।এতিয়ালৈ ১৯ টাকৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰা চলচ্চিত্ৰ খনে শেহতীয়াকৈ ৰাছিয়াৰ অ’লিম্পিক চহৰ চ’চি (Sochi) ত অনুষ্ঠিত (Russian-British Sochi International Film Festival and Awards (SIFFA). ৰাছিয়ান- ব্ৰিটিছ চ’চি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পৰিচালক কৃপাল কলিতা ই শ্ৰেষ্ঠ নবাগত পৰিচালকৰ সন্মান আৰু চিনেমা খনৰ মুল অভিনেত্ৰী শিৱা ৰাণী কলিতাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল। উল্লেখযোগ্য যে ভাৰতৰ পৰা অস্কাৰৰ প্ৰথম দৌৰত ‘ব্ৰিজ’ অৱতীৰ্ণ হৈছিল । ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্ৰযোজিত ব্ৰীজে ইতিমধ্যে ৩৮ তাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসত প্ৰদৰ্শিত হৈছে।৫১ সংখ্যক ভাৰতীৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI)2020 চনত ভাৰতৰ পৰা পুৰষ্কাৰ লাভ কৰা একমাত্ৰ ভাৰতীয় চিনেমা হিচাপে কৃতিত্ব অৰ্জন কৰা ব্ৰীজে লাভ কৰিছে আন কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সন্মানো। গোল্ডেন জুৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি ,১৬ সংখ্যাক ত্ৰিশূৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান ভাৰতৰ চলচ্চিত্ৰ সমালোচকসকলৰ সংস্থা FIPRESCI- ৰ বিচাৰত ২০২০ চনত ভাৰতৰ শ্ৰেষ্ঠ দহখন চিনেমাৰ ভিতৰত ব্ৰীজৰ স্হান লাভ আদি উল্লেখযোগ্য।বৃহত্তৰ ডিব্ৰুগড় প্ৰেছক্লাবৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সংবাদ মেলত মুক্তিৰ লগে লগে অসমীয়া চিনেমাৰ ইতিহাসত অভিলেখ সৃষ্টি কৰিব আশা ব্যক্ত কৰে।

প্ৰেৰক বিভাষ দুৱৰা

You might also like