নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ টাইনি টটছ স্কুলত প্ৰাক্-ভোগালী উদযাপন

বিশেষ বাৰ্তা, ১৩ জানুৱাৰীঃ মৰিয়নি নগৰৰ মাজমজিয়াত অৱস্থিত টাইনি টটছ স্কুলত দুদিনীয়া কাৰ্য্যসূচীৰে প্ৰাক-ভোগালী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আজি পুৱা এই উপলক্ষ্যে বন্তি প্ৰজ্বলন কৰি কাৰ্য্যসূচী মুকলি কৰে মৰিয়নি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা চিনামৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, শিক্ষাবিদ আনন্দ শইকীয়াই। অনুষ্ঠানত উপস্থিত থাকি শিক্ষাবিদ নেকিব ইছলাম, বিশিষ্ট শিল্পী তৰুণ শইকীয়া, জ্যেষ্ঠ ব্যক্তি ৰমেন বৰুৱা আদিয়ে বক্তব্য প্ৰদান কৰে। তেওঁলোকে বক্তব্যত বিদ্যালয়খনৰ এনে প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে ভৱিষ্যতলৈ এনে প্ৰচেষ্টা চলাই যাবলৈ আহ্বান জনায়। আৰম্ভণীতে এইসকল বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয় চৌহদতে এটা আটকধুনীয়া ভেলাঘৰ সাজি উলিয়ায়। এই ভেলাঘৰত অসমৰ কৃষি জীৱনৰ লগত জড়িত বিভিন্ন সামগ্ৰী যেনে মৈ, জাকৈ, খালৈ, নাঙল, হাত লেম্প আদি প্ৰতীকী ৰূপত প্ৰদৰ্শন কৰা হয়। লগতে স্থাপন কৰা হয় এটা মেজি। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন খেল- ধেমালী আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। তাৰোপৰি অভিভাৱকসকলৰ মাজত আয়োজন কৰা হয় ঠাইতে পিঠা বনোৱা প্ৰতিযোগিতা। অনুষ্ঠানটোত অতিথিবৃন্দক পিঠা পনা, জা-জলপানেৰে আপ্যায়ন কৰা হয়। আনহাতে, এই অনুষ্ঠানতে বিভিন্ন ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত পদক লাভ কৰি মৰিয়নিলৈ গৌৰৱ কঢ়িয়াই অনা স্বেতা হাজৰিকা, ৰিম্পী বৰা, পঞ্চিমিতা বৰদলৈ, ভাব্যালীনা বৰা, তানিশ গগৈ, প্ৰত্যাশা বৰা, সুনয়না গগৈ, কেশৰাজ সিং আৰু দেৱাশীষ গগৈৰ লগতে সমৰকলা প্ৰশিক্ষক ত্ৰিদ্বীপ গগৈক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়খনৰ অধ্যক্ষা ৰিজৱানা আনছাৰীয়ে কয়- অসমত বসবাস কৰা সকলো লোকেই অসমৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে জানিব লাগিব। ভোগালী বিহু কেনেকৈ পালন কৰা হয় কণ কণ ছাত্ৰ ছাত্ৰীসকলক তাৰ এক সম্যক জ্ঞান দিয়াৰ উদ্দেশ্যৰেই প্ৰাক্- ভোগালী অনুষ্ঠানৰ আয়োজন কৰা বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। কেৱল ভোগালী বিহুয়েই নহয় ব’হাগ বিহু, কাতি বিহু, হোলি, দীপাৱলী আদি অন্যান্য উৎসৱসমূহো উদযাপন কৰি অহা হৈছে বুলিও তেওঁ লগতে উল্লেখ কৰে। অধ্যক্ষা ৰিজৱানা আনছাৰীয়ে আঁ‌ত ধৰা এই মনোগ্ৰাহী অনুষ্ঠানটোত সাংস্কৃতিক কৰ্মী দীপক দত্ত (জোন), অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিয়নি আঞ্চলিক সমিতিৰ সভাপতি প্ৰিয়াংশু বৰুৱা, উপ-সভাপতি ৰঞ্জিত গগৈ, হেমন্ত হাজৰিকা, সংবাদকৰ্মী ৰঞ্জিত বৰা, বনপলাশী বৰুৱা আদি বহুসংখ্যক ব্যক্তি উপস্থিত থাকে। দ্বিতীয় দিনা প্ৰীতি ভোজৰ লগতে মেজি জ্বলোৱা হ’ব বুলি জানিবলৈ দিছে। অভিভাৱকসকলেও বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ এনে প্ৰচেষ্টাক আদৰণি জনাইছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like