নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ উদযাপনৰ ৰাজহুৱা সভা আহ্বান

বৃহত্তৰ ঢকুৱাখনা-ৰ শিক্ষানুৰাগী ৰাইজৰ ঐকান্তিক প্রচেষ্টাত ১৯৬৬ চনতে প্রতিষ্ঠা হৈছিল উত্তৰ অসমৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়। ২০২৪ বৰ্ষত স্বায়ত্বশাসিত মহাবিদ্যালয় মৰ্য্যদা লাভকৰা উচ্চ শিক্ষাৰ অনুষ্ঠানখনিয়ে বিগত ৬০ বছৰীয়া গৌৰৱোজ্জ্বল বর্ণিল বিদ্যায়তনিক পৰিক্ৰমাত বৌদ্ধিক-শৈক্ষিক আৰু সামাজিক উত্তৰনেৰে উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে।

বিগত ৬০ বছৰীয়া যাত্ৰাৰ গৌৰৱোজ্জ্বল ক্ষণটি স্মৰণীয়, সজীৱ আৰু সমৃদ্ধ কৰাৰ মানসেৰে শিক্ষানুষ্ঠানখনৰ পৰিয়ালে হীৰক জয়ন্তী উদযাপনৰ প্রস্তুতি অব্যাহত ৰাখিছে।

শিক্ষাৰ পোহৰেৰে চিৰউজ্বল অনুষ্ঠানটিৰ হীৰক জয়ন্তী উদযাপনৰ হেতু এখন শক্তিশালী উদযাপন সমিতি গঠন কৰাৰ উদ্দেশ্য ২৫ অক্টোবৰত ২১মে’ত দিনৰ ১০.৩০ বজাত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি ৰাজহুৱা সভা আহ্বান কৰিছে।

মহাবিদ্যালয়ৰ অধ্যক্ষ ড° যোগানন্দ সূতে জনোৱা মতে উক্ত দিনা অনুষ্ঠিত হবলগীয়া ৰাজহুৱা সভাতেই হীৰক জয়ন্তী উৎসৱৰ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হ’ব আৰু উদযাপনৰ দিন নিৰ্ধাৰণ কৰা হ’ব।

উক্ত সভাত শিক্ষানুৰাগী ৰাইজ, প্রাক্তন শিক্ষার্থী,শুভচিন্তকসকলৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ঢকুৱাখনা মহাবিদ্যালয়ৰ পৰিয়ালে।

নিয়মীয়া বার্তা, ঢকুৱাখনা, ১৯ অক্টোবৰ

You might also like