চন্দ্ৰপুৰত কাতি বিহু পালন বিজেপিৰ কৃষক মৰ্চাৰ
অসমীয়া জাতিৰ বৰ্ণিল কৃষ্টি-সংস্কৃতি আৰু পৰম্পৰাৰ সমাহাৰ কাতি বিহু উপলক্ষে ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা অসম প্ৰদেশৰ উদ্যোগত বিজেপি গুৱাহাটী মহানগৰ জিলা সমিতিৰ সহযোগত প্ৰাগজ্যোতিষপুৰ মণ্ডলত চন্দ্ৰপুৰৰ নিউ পাণবাৰীত কঙালী বিহু উদযাপন কৰা হয়।
কৃষক ৰাইজৰ আপোন পথাৰখন শস্য-শ্যামলা হৈ উঠক। তুলসীৰ তলৰ বন্তিগছিৰ জেউতিয়ে সকলোৰে জীৱন উজ্জ্বলাই তোলক তাৰে কামনাৰে ৰাজ্যিক ভিত্তিত কৃষক মৰ্চা অসম প্ৰদেশৰ তৰফৰ পৰা কঙালী বিহু উদযাপন কৰা হয় আৰু অসমীয়া জাতীয় জীৱনৰ ধাৰাক প্ৰতিফলিত কৰি গুৱাহাটী মহানগৰ জিলাৰ লগতে অসমৰ ৩৯খন সাংগঠনিক জিলাত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।।
অনুষ্ঠানত উপস্থিত থাকে কৃষক মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি পংকজ বৰবৰা, বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক মহেশ দেউৰী, কৃষক মৰ্চাৰ দুই সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য্য আৰু সঞ্জীৱ বড়া, কৃষক মৰ্চাৰ ৰাজ্যিক উপ সভাপতি নিবাৰন লহকৰ, দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, বিজেপি অসম প্ৰদেশৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সভাপতি নবাৰুন মেধি, বিজেপি অসম প্ৰদেশৰ কাৰ্য্যালয় সম্পাদক সুজিত বিশ্বাস, ৰাজ্যিক সম্পাদিকা অসমী বৰা, কাৰ্য্যালয় সম্পাদক প্ৰকাশ শইকীয়া, সামাজিক মাধ্যমৰ আহ্বায়ক হৃষিকেশ কলিতা, সহ কাৰ্য্যালয় সম্পাদক প্ৰিয়ম গোস্বামী, গুৱাহাটী মহানগৰ জিলা কৃষক মৰ্চাৰ সভাপতি মৃণাল দাস আদিকে ধৰি স্থানীয় কৃষক ৰাইজ আৰু প্ৰাগজ্যোতিষপুৰ মণ্ডলৰ কাৰ্যকৰ্তাসকল।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৯ অক্টোবৰ