নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ বাগিচাত মৃত নাহৰফুটুকী উদ্ধাৰক লৈ তীব্র চাঞ্চল্য

বিশেষ বাৰ্তা, ২১ নৱেম্বৰঃ ডিব্ৰুগড়ৰ এখন চাহ বাগিচাত এটা মৃত নাহৰফুটুকী উদ্ধাৰক লৈ সমগ্ৰ জিলাখনতে তীব্র চাঞ্চল্যৰ স্বৃষ্টি হৈছে। জানিব পৰা মতে ডিব্ৰুগড়ৰ মাইজান চাহ বাগিচাত বাগিচাৰ শ্ৰমিকে চাহ পাত ছিঙিবলৈ যোৱা অৱস্থাত বাগিচাৰ মাজত প্ৰত্যক্ষ কৰে এটা নাহৰফুটুকী। বাগিচাৰ মাজত প্ৰথমে নাহৰফুটুকীটো জিৰণি লৈ থকা বুলি ভাবি তীব্ৰ চাঞ্চল্যৰ লগতে হুৱা-দুৱাৰ সৃষ্টি হয়। অৱশ্যে একাংশ শ্ৰমিকে নাহৰফুটুকীটো মৃত বুলি নিশ্চিত কৰাত বনবিভাগৰ লোকক খবৰ দিয়া হয়। বনবিভাগৰ লোকে মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰা ব্যৱস্থা গ্ৰহণ কৰিছে। আনহাতে ডিব্ৰুগড় নগৰৰ দাতিকাষৰীয়া বিভিন্ন চাহ বাগিচাত বিভিন্ন সময়ত নাহৰফুটুকী বাঘে উপদ্ৰপ কৰি অহাটো সকলোৰে জ্ঞাত।স্থানীয় জনসাধাৰণৰ পোহনীয়া হাঁহ,কুকুৰা, গৰু,ছাগলী, কুকুৰ আদি নিয়মিত ভক্ষণ কৰি আহিছে।বহু সময়ত বন বিভাগৰ লোকে কেইবাটাও বাঘ পিঞ্জৰাবদ্ধ কৰিছে যদিও আজি এটা বাঘ মৃত অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।উক্ত বাগান অঞ্চলত আৰু কেইবাটাও বাঘৰ বিচৰণৰ কথাও অৱগত কৰিছে স্থানীয় ৰাইছে। আনহাতে বৃহত্তৰ অঞ্চলটোৰ যাতায়ত কৰা নগাঘুলি সংযোগী পথৰ নিছেই কাষতে থকা বাগিছাত এইদৰে বনৰজাৰৰ বিচৰণৰ ভয়াবহতাই পুনৰ আতংকৰ সৃষ্টি কৰিছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like