নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ কাঞ্চনপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ ৰূপহীহাট কাঞ্চপুৰত আজি দিনৰ ভাগত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংগঠিত হয়৷ এখন ই-ৰিক্সা আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংৰ্ঘৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটি৷ নগাঁbৰ পৰা আমবাগানলৈ গৈ থকা ই-ৰিক্সা আৰু আৰু তেজপুৰৰ পৰা ৰূপহী আহি আছিল চাৰিচকীয়া বাহন খন। চাৰিচকীয়া বাহনখনৰ নম্বৰ হৈছে এএছ-১২-একছ-১৩৩৪ ৷ চাৰিচকীয়া বাহনখনে নিয়ন্ত্ৰন হেৰুৱাই ই-ৰিস্কাত খুন্দা মাৰাৰ পিছত সংগঠিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটি। উক্ত পথ দুৰ্ঘটনাৰ ফলত দুয়োটা বাহনৰ ৩জনকৈ লোক গুৰুতৰভাবে আহত হয়। আহত লোকসকলক ৰাইজৰ তৎপৰতাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷
প্ৰেৰক জহিৰুল ইছলাম
You might also like