নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিত ধৰ্মালোচনী সভাত ড° ননী গোপাল মহন্ত : বিশ্বৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ গুৰু আছিল শংকৰদেৱ

বিশেষ বাৰ্তা, ৬ অক্টোবৰঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আছিল বিশ্বৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ গুৰু ৷ পৃথিবীৰ আন গুৰু সকলে কেৱল ধৰ্ম প্ৰচাৰেতে সৰ্বাধিক গুৰুত্ব দিছিল ৷ কিন্ত মহাপুৰুষ শংকৰদেৱে ধৰ্মৰ উপৰিও সাহিত্য, সংস্কৃতি, নাট, ভাওনা এই সকলো বিষয়তে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি সমাজৰ উত্তৰণত মুখ্য ভূমিকা লৈছিল ৷ যিটো আন গুৰু সকলক ক্ষেত্ৰত দেখা পোৱা নাছিল ৷ এই মন্তব্য অসম চৰকাৰৰ শিক্ষা উপদেষ্টা , শিক্ষাবিদ ড°ননী গোপাল মহন্তৰ ৷ আজি শুৱালকুছিৰ অন্যতম সৰ্ব বৃহৎ অনুষ্ঠান শুৱালকুছি মহাপুৰুষীয়া ধৰ্মালোচনী সভা, শ্ৰীশ্ৰীশংকৰদেৱ মন্দিৰৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭৪ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আয়োজিত ধৰ্মালোচনী সভাত নিৰ্দিষ্ট বক্তা হিচাবে অংশ গ্ৰহণ কৰি তেওঁ পুনৰ কয় যে গুৰুজনা আছিল সৰ্বগুনৰ অধিকাৰী ৷ থানবান হোৱা অসমীয়া জাতিটোক একত্ৰিত কৰি অসমীয়া সমাজখন জীয়াই ৰখাৰ সমল দিছিল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ৷ জাতি ভেদ প্ৰথা উঠাই উচ্চ নিচৰ বাচ বিচাৰ নাইকীয়া কৰি জাতি উপ জাতিক একত্ৰ কৰি বৰ অসম গঢ়ি তুলিছিল গুৰুজনাই ৷ এক শৰণ হৰিনাম ধৰ্মৰ জৰিয়তে সকলোকে ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিল মহাপুৰুষ জনাই ৷ এক শৰণ হৰিনাম ধৰ্মৰ মূল মন্ত্ৰ আছিল ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় ৷ তেওঁ আৰু কয় যে খোল, তাল, ডবা, শংঙ্ঘ আদিৰে অসমৰ সংস্কৃতিৰ জগতখন নিৰ্মাণৰ বুনিয়াদ মহাপুৰুষ জনাই সৃষ্টি কৰিছিল৷ অসমীয়া জাতিৰ নৱজাগৰণৰ সৃষ্টি কৰি জাতিটোক প্ৰাণৱন্ত কৰা মহাপুৰুষ জনাই সাহিত্য, সংস্কৃতি, স্হাপত্য আদিৰে সমাজত সামুহিক শক্তি জগাই তুলিছিল৷ সকলো শ্ৰেণীৰ লোকৰ মাজত ধৰ্মটো লৈ যোৱাৰ বাবে মহাপুৰুষ জনাই ব্ৰজাৱলী ভাষাৰ সৃষ্টি কৰিছিল৷ ব্ৰজাৱলী ভাষা উজনি আৰু নামনি অসমৰ মানুহৰ মাজত বুজা পৰাত সহায়ক আছিল৷ গুৰুজনাই গুৰু আসন প্ৰতিষ্ঠা কৰা সন্দৰ্ভত উল্লেখ কৰি তেওঁ কয় যে , থাপনা হৈছে পৰম ব্ৰহ্ম কৃষ্ণৰ প্ৰতীক ৷ শিক্ষা উপদেস্টা গৰাকীয়ে পুনৰ কয় যে পৰম ব্ৰহ্ম কৃষ্ণক নিঃস্বাৰ্থ আৰু নিৰন্তৰ ভাবে ভক্তি কৰিব লাগিব ৷ অহেতুক ভাবে ভক্তি কৰিলেহে কৃষ্ণ ভক্তিৰ উমান পোৱা যাব ৷ গোপী সকল কৃষ্ণৰ পৰম ভক্ত আছিল বুলি উল্লেখ কৰি তেওঁ কয় যেতিয়া মহিলা সকলে কৃষ্ণক পৰম ভক্তিৰে আৰধানা কৰিলে কৃষ্ণ ভক্তি লাভ কৰিব ৷ গুৰুজনাৰ অমৰ সৃষ্টি কীৰ্ত্তন পুথিৰ কেইবাটিও ঘোষাৰ কথা উল্লেখ কৰি সেই ঘোষা সমুহত কি কি দৰ্শন আছে তাক কিছু বাখ্যা কৰে ৷ তেওঁ নাট ভাওনা প্ৰদৰ্শন কৰি নাটক কৰা শৈলী সমুহো দেখুৱাই থৈ যোৱা বুলি মহন্তই উল্লেখ কৰে৷ গুৰুজনাই সকলো দিশৰে অসমীয়া জাতিটোক সৰ্বশক্তিমান কৰি প্ৰতিষ্ঠা কৰি যোৱা বুলি উল্লেখ কৰি তেওঁ মহাপুৰুষ জনাৰ আদৰ্শত প্ৰতিগৰাকী অসমীয়াক অনুপ্ৰাণিত হবলৈ আহ্বান জনায়৷ মহাপুৰুষীয়া ধৰ্মালোচনী সভাৰ সভাপতি সদানন্দ দাসৰ সভাপতিত্ব অনুষ্ঠিত সভাত চিনাকী পৰ্ব অনুস্হানৰ আত ধৰে প্ৰচাৰ শখাৰ সভাপতি ৰণজিৎ কুমাৰ মহন্তই ৷ ধৰ্মালোচনী সভাত উপ সভাপতি গৌৰাঙ্গ বৰা, মুখ্যমন্ত্ৰীৰ সহায়ক দিগন্ত শৰ্মা, সম্পাদক ৰামেশ্বৰ দাস প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ আৰম্ভণিতে এটি যুগল পৰিবেশন কৰা হয় ৷ নিশা অনুষ্ঠিত হয় কৃষ্টি প্ৰদৰ্শন ৷
প্ৰেৰক দিলীপ মেধি
You might also like