নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাহৰি পালনেৰে স্বাৱলম্বনৰ পথ মিছামাৰীৰ তিলক-লাইলাৰ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ শোণিতপুৰ জিলাৰ বৃহত্তৰ মিছামাৰী অঞ্চলৰ তাঁতশাল গাঁৱৰ এহাল দম্পতীয়ে বিগত ২২-২৩ বছৰ ধৰি গাহৰি পালনৰ জৰিয়তে স্বাৱলম্বিতা হোৱাৰ এটা ছবি পোহৰলৈ আহিছে ৷ কেৱল ঘৰ ভেটিৰ ভূমিৰ বাহিৰে অলপো খেতিৰ মাটি নথকা পৰিয়ালটো গাহৰি পালন কৰি উপাৰ্জিত ধনেৰে ঘৰদুৱাৰ নিৰ্মাণৰ সমান্তৰাল কৈ ল’ৰা-ছোৱালীক শিক্ষা দীক্ষা দিয়া, এখন ঘৰৰ প্ৰয়োজনীয় আনুসাংগিক সকলো ব্যৱস্থা গাহৰি পালন কৰিয়েই পৰিয়ালটোৱে কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিছে৷ আৰম্ভণিৰ পৰা প্ৰত্যেক বছৰে ১০-১২টাকৈ গাহৰি বিক্ৰী কৰি আহিছে বুলি পৰিয়ালটোৰ মুৰব্বী তিলক দেৱানে এই প্ৰতিবেদকৰ আগত সদৰি কৰিছে৷ গাহৰি পালন কৰিয়েই পৰিয়ালৰ আৰ্থিক দিশ টনকিয়াল কৰা তিলক দেৱান আৰু পত্নী লাইলা দেৱান তেওঁলোকৰ দুই পুত্ৰ সন্তান কিৰণ আৰু সন্দীপ দেৱানক পঢ়াশুনা কৰাই ইতিমধ্যে মাধ্যমিক শিক্ষাৰ ডেওনা অতিক্ৰম কৰালে৷ পুত্ৰদ্বয়ক কেৱল পঢ়াশুনা কৰোৱাই নহয় থাকিবলৈ পছন্দৰ ঘৰকে আদিকৰি নিয়মিত ব্যৱহাৰিক আৰু প্ৰযোজ্য ব্যৱস্থা, প্ৰয়োজনীয় আচবাব, পৰিয়ালৰ বাবে ঘৰত দৰকাৰী বাহনকে আদিকৰি নিত্যনৈমিত্য সামগ্ৰী যোগাৰ, সঞ্চয় আদি সকলো গাহৰিৰ পৰা উপাৰ্জিত ধনেৰে কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিছে ৷ গাহৰি পালক তিলক দেৱানে জানিবলৈ দিয়ামতে তেওঁ পোৱালি গাহৰি সৰুতে ৩-৪ হাজাৰ টকাত ক্ৰয় কৰে আৰু এবছৰৰ মূৰত সেই গাহৰি ডাঙৰ দীঘল কৰি কমেও ১২-১৩ হাজাৰ টকাত বিক্ৰী কৰি উপাৰ্জনৰ পথ সুচল কৰি লৈছে বুলি জানিবলৈ দিছে৷ প্ৰাপ্ত তথ্যমতে গাহৰি পালক তিলক দেৱান বছৰি ৩০-৩৫ টাকৈ গাহৰি পোহপাল কৰি ডাঙৰ দীঘল কৰাৰ পাছত বিক্ৰী কৰি উপাৰ্জন কৰি আহিছে৷ যোৱা কেইবছৰমান পূৰ্বে গাহৰি মাংসৰ চাহিদা বেছি আছিল বাবে মূল্যও বেছি থকাৰ ফলত তিলক দেৱানৰ দৰে গাহৰি পালক সকলে গাহৰি বিক্ৰী কৰি অধিক লাভান্বিত হৈছিল ৷ বৰ্তমান গাহৰি মাংসৰ চাহিদা দিনক দিনে হ্ৰাস পোৱাৰ লগেলগে দামো হ্ৰাস পাইছে ৷ ফলত গাহৰি পালক সকলে লাভৰ বিপৰীতে লোকচানত থকা বুলি জানিবলৈ দিছে৷ উল্লেখ্য যে মিছামাৰীৰ উল্লেখিত তাঁতশাল গাঁৱৰ বাসিন্দা তিলক দেৱানৰ ফাৰ্মত বৰ্তমান প্ৰায় ৩০টা গাহৰি আছে৷ ইয়াৰে কেইবাটাও গাহৰি বিক্ৰীৰ উপযুক্ত হৈছে বুলি জানিবলৈ দিছ ৷ তেওঁৰ দৰে গাওঁখনৰ নব্বৈ শতাংশ পৰিয়ালে গাহৰি পালন কৰি জীৱিকা অৰ্জন কৰি আহিছে বুলি জানিবলৈ দিছে ৷
প্ৰেৰক বগা তপ্ন
You might also like