নিস্তব্ধ বাক্সা, হিংসাত্মক পৰিস্থিতিৰ পিছত কঠোৰ নিৰাপত্তা জিলা কাৰাগাৰৰ মূল পথত
ঘটনাৰ পিছতে সমগ্ৰ জিলাত ইন্টাৰনেট সেৱা বন্ধ কৰি হয় আৰু BNSSৰ অধীনত সান্ধ্য আইন জাৰি কৰা হয়।
লাহে লাহে বাক্সাৰ নিকাছিৰ পৰিৱেশ শান্ত হৈছে। তাৰ মাজতো কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৰখা হৈছে সমগ্ৰ অঞ্চলটোত। ইফালে ইন্টাৰনেট সেৱা বন্ধ হৈ আছে। ১৬৩ ধাৰা বলৱৎ হোৱাৰ পৰিপ্ৰেক্ষিতত নিকাচিৰ বাক্সা কাৰাগাৰৰ আশেপাশে কোনো লোকৰ সমাগম হোৱা নাই। স্থানীয় লোকেও পৰিস্থিতি শান্ত আৰু স্বাভাৱিক বুলি কৈছে।
উল্লেখ্য যে কালি আটকধুনীয়া বাক্সা জিলা কাৰাগাৰলৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাসহ জুবিনৰ মৃত্যুত অভিযুক্তক লৈ যোৱাৰ পাছতে যে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল। সৃষ্টি হৈছে উত্তপ্ত হিংসাত্মক পৰিস্থিতি। পৰিস্থিতি শান্ত হলেও বাক্সাত এতিয়াও এক চেপা উত্তেজনা অব্যাহত আছে। কালিৰ উগ্ৰ জনতাই আৰক্ষীৰ লগতে সংবাদ মাধ্যমৰ লোক আক্ৰমণ কৰাৰ লগতে আৰক্ষীৰ বাহনসহ সংবাদ প্ৰতিষ্ঠানৰ বাহনো জ্বলাই দিছিল। ঘটনাৰ পিছতে সমগ্ৰ জিলাত ইন্টাৰনেট সেৱা বন্ধ কৰি হয় আৰু BNSSৰ অধীনত সান্ধ্য আইন জাৰি কৰা হয়।
বাক্সাত ৰেপিড একচন ফৰ্চে (RAF) অঞ্চলটো কঠোৰ নিৰীক্ষণত ৰাখিছে। জিলা কাৰাগাৰৰ ৫০০ মিটাৰ ব্যাসাৰ্ধত সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। কাৰাগাৰলৈ যোৱা মূল পথটোও আজি পুৱাৰে পৰা জৰুৰীকালীন সেৱা বাহিৰে সকলোৰে বাবে বন্ধ কৰি দিছে।
উল্লেখ্য যে কালিৰ ঘটনাত ৩৫গৰাকী লোক আঘাতপ্ৰাপ্ত হৈছিল। লগতে জিলা কাৰাগাৰৰ প্ৰৱেশ দ্বাৰত বহুতৰপীয়া সুৰক্ষা বেষ্টনী গঢ়ি তোলা হৈছে।
কালিৰ তুলনাত বাক্সাৰ পৰিস্থিতি আজি বহুখিনি উন্নত। তথাপি ৰাস্তা-ঘাটত মানুহৰ উপস্থিতি সীমিত আৰু বন্ধ হৈ আছে দোকান-পোহাৰসহ বাণিজ্যিক প্ৰতিষ্ঠানবোৰ।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৬ অক্টোবৰ