আহমেদাবাদত কমনৱেলথ গেমছ-২০৩০! আনুষ্ঠানিক ঘোষণাহে বাকী
অষ্ট্ৰেলিয়া (২৫৯৬ পদক) আৰু ইংলেণ্ড (২৩২২ পদক)-ৰ পিছত ভাৰত হৈছে তৃতীয় সৰ্বাধিক সফল দেশ।
আহমেদাবাদে ২০৩০ কমনৱেল্থ গেমছৰ আয়োজনৰ স্বত্ব লাভ কৰিব। এই ঘোষণা আনুষ্ঠানিকভাৱে নৱেম্বৰ মাহত কৰা হ’ব বুলি আশা কৰা হৈছে। ২৬ নৱেম্বৰত গ্লাছগ’ত অনুষ্ঠিত হ’ব কমনৱেল্থ গেমছ মহাসংঘৰ সাধাৰণ সভাত এই সিদ্ধান্ত নিশ্চিত কৰা হ’ব, যাক বৰ্তমান কেৱল এটা আনুষ্ঠানিকতা বুলি ধৰা হৈছে।
ই ভাৰতৰ বাবে দ্বিতীয়বাৰ হ’ব যেতিয়া দেশখনে কমনৱেল্থ গেমছ আয়োজন কৰিব। ইয়াৰ আগতে ২০১০ চনত দিল্লীত অনুষ্ঠিত হৈছিল এই গেমছ, যিয়ে বিশ্বজুৰি ভাৰতৰ আয়োজক ক্ষমতাৰ প্ৰশংসা আনিছিল। আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া এই গেমছৰ ফলত দেশৰ যুৱ খেলুৱৈসকলে ডাঙৰ সুযোগ লাভ কৰিব আৰু ক্ৰীড়াক নতুন উচ্চতালৈ উন্নীত হ’ব।
কমনৱেল্থ গেমছত ভাৰতৰ সফল যাত্ৰা
কমনৱেল্থ গেমছত ভাৰতৰ ইতিহাস অত্যন্ত উজ্জ্বল। ভাৰতে এতিয়ালৈকে মুঠ ৫৬৪টা পদক জয় কৰিছে— ২০৩টা সোন, ১৯০টা ৰূপ আৰু ১৭১টা ব্ৰঞ্জ পদক। অষ্ট্ৰেলিয়া (২৫৯৬ পদক) আৰু ইংলেণ্ড (২৩২২ পদক)-ৰ পিছত ভাৰত হৈছে তৃতীয় সৰ্বাধিক সফল দেশ।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৬ অক্টোবৰ