নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানৰ মৃণালজ্যোতি পুনৰ্বাস কেন্দ্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ বিশেষভাৱে সক্ষমসকলৰ সেৱা অৰ্থে উৎসৰ্গিত দুলীয়াজান মৃণালজ্যোতি পুনৰ্বাস কেন্দ্ৰৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ আজি শুভাৰম্ভণী অনুষ্ঠানটি কেন্দ্ৰৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায়। বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত এই শুভাৰম্ভণী অনুষ্ঠানৰ আৰম্ভনিতে উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি জ্যোতিপ্ৰকাশ পৰমানন্দ দাস আৰু কেন্দ্ৰৰ পতাকা উত্তোলন কৰে কেন্দ্ৰৰ অধ্যক্ষ অমিয়া পাঠক বৰপূজাৰীয়ে। স্মৃতি তৰ্পণ কৰে কাৰ্যকৰী সভাপতি আদিত্য গোস্বামীয়ে। ইয়াৰ পাছতে ডিব্ৰুগড় অসম মেডিকেল কলেজৰ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ ৰূপম হাজৰিকাৰ তত্বাৱধানত এটি স্বাস্থ্য শিৱিৰ মুকলি কৰা হয়। আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি মৃণালজ্যোতি পুনৰ্বাসৰ বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰ “পুষ্পডালুম”ৰ প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ এখনি প্ৰদৰ্শনী মেলাও অনুষ্ঠিত হয় । এই প্ৰৰ্দশনী দ্বাৰ মুকলি কৰে দুলীয়াজান জালনী লেডীজ ক্লাবৰ সভানেত্ৰী সংগীতা বৰকাকতীয়ে।আনহাতে বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰৰ নৱনিৰ্মিত গৃহটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অইলৰ আবাসিক বিষয়া প্ৰশান্ত বৰকাকতীয়ে। ইফালে দুলীয়াজান লায়ন্স ক্লাবে অনুদানমূলক আগবঢ়োৱা কেন্দ্ৰৰ এটি জিৰণী চ’ৰা উদ্বোধন কৰে অইলৰ কাৰ্যবাহী সঞ্চালক শশা‌ংক প্ৰতিম ডেকাই। ইয়াৰ সমান্তৰালভাৱে সমাজসেৱী টংকেশ্বৰ গগৈয়ে ব্যক্তিগত পুঁজিৰে আগবঢ়োৱা চিকিউৰিটি হাব উদ্বোধন কৰা হয়। এই অনুষ্ঠানৰ উপলক্ষে কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা পৰিৱেশিত বিভিন্ন গীত মাতৰ কাৰ্যসূচীৰ পাছতে বিয়লিলৈ মুকলি সভা অনুষ্ঠিত হয়। উদযাপন সমিতিৰ সভাপতি জি পি দাসে পৌৰহিত্য কৰা মুকলি সভাখন বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অইলৰ আবাসিক বিষয়া প্ৰশান্ত বৰকাকতীয়ে। সৰস্বতী বন্দনাৰে সভাখন মংগলাচ্চৰণ কৰে ইয়াচমিন মিৰ্জা ৰহমানে। মুকলি সভাত আদৰণি ভাষণ আগবঢ়াই মৃণালজ্যোতিৰ অধ্যক্ষ অমিয়া পাঠক বৰপূজাৰীয়ে। সমান্তৰালভাৱে প্ৰজেক্টৰ সহায়ত কেন্দ্ৰটোৰ বিগত দিনৰ কাম-কাজসমূহ প্ৰদৰ্শন কৰা লগতে বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলৰ বাবে সাংকেতিক ভাষাৰ মাধ্যমেৰে অতিথিসকলৰ বক্তব্য সমূহ ভাঙনি কৰে শিক্ষয়িত্ৰী প্ৰবীণা বসুমতাৰীয়ে। সভাত অইল আবাসিক বিষয়াগৰাকীয়ে নিজ ভাষণত মৃণালজ্যোতি পুনৰ্বাস কেন্দ্ৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপনৰে বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰটোৰ প্ৰশিক্ষাৰ্থীসকলৰ ভৱিষ্যত অগ্ৰগতিৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনা ব্যক্ত কৰে। আনহাতে এই কেন্দ্ৰটোৰ প্ৰাক্তন ছাত্ৰ তথা দুলীয়াজান মহাবিদ্যালয়ত চতুৰ্থ ষান্মাসিকত অধ্যয়নৰত প্ৰাচুৰ্য প্ৰাণ গোস্বামীয়ে নিজা অনুভৱ ব্যক্ত কৰা লগতে দিব্যাংগসকলৰ অধিকাৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে অইলৰ মুখ্য আবাসিক বিষয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, অসম পৰ্যটন উন্নয়ণ নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী ডেইজীৰাণী ফুকন শ্যাম, অইলৰ অৱসৰপ্ৰাপ্ত আবাসিক বিষয়া প্ৰাণজিৎ ডেকা, উদযাপন সমিতিৰ সভাপতি তথা অইল ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক জি পি দাস আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী বুলবুল অধ্যাপক।উক্ত সভাত মৃণালজ্যোতি কেন্দ্ৰৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। শেষত উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি আদিত্য গোস্বামীয়ে শলাগ জ্ঞাপনেৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ শুভাৰম্ভ অনুষ্ঠানটি সামৰণি মাৰে।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like