নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাসুগাঁও কনিষ্ঠ মহাবিদ্যালয়ত নৱাগত আদৰণি সভা সম্পন্ন : গীতে-মাতে মুখৰ

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: বাসুগাঁও মহাবিদ্যালয়ৰ চৌহদত ২০০৯ চনত প্ৰতিষ্ঠা লাভ কৰে বাসুগাঁও কনিষ্ঠ মহাবিদ্যালয়ে । উক্ত কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা উলহ-মালহৰে সম্পন্ন হয় । নৱাগত আদৰণি সভাত মুখ্য অতিথি হিচাপে আবছুৰ সাধাৰণ সম্পাদক খনিন বসুমতাৰী উপস্থিত থাকি হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত উচ্চ শিক্ষাৰ বাবে এক নতুন জীৱন আৰাম্ভ হোৱাৰ লগতে এক দায়িত্ব আহি পৰা বুলি কয় । এই দুটা বছৰ মনোযোগৰে অধ্যয়নত ব্ৰতী হৈ ভবিষ্যতে কোন দিশেৰে আগুৱাই যাব সেয়া নিৰ্ণয় কৰে এই দুই বছৰীয়া অধ্যয়নৰ ফলাফলৰ অন্তত। সেয়েহে মনোযোগৰে অধ্যায়নত ব্ৰতী হৈ জীৱন মধুৰ কৰি তুলিবলৈ বিশেষকৈ ছাত্ৰ-ছাত্ৰীক আহ্বান জনাই বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায় ।

বাসুগাঁও কনিষ্ঠ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰনেন চন্দ্ৰ মুছাহাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত আবছুৰ শিক্ষা সম্পাদক সৌমছাৰ বসুমতাৰীৰ উপৰি অনুষ্ঠানটিত চিৰাং জিলা আবছুৰ সম্পাদক ডঃ ৰিডন নাৰ্জাৰী, বাসুগাঁও আঞ্চলিক সমিতিৰ সভাপতি প্ৰণয় ব্ৰহ্ম, কেছিয়াৰ সঞ্জয় বড়ো আদি বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে । ছাত্র-ছাত্ৰী সকলে অসমীয়া, ৰাজবংশী, বড়ো, বেংগলী ইত্যাদি ভাষাত গীত, নৃত্য, কবিতা আবৃত্তি পাঠ কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।

প্ৰেৰকঃ ভৃগু মুনি ৰায়, বাসুগাঁও

You might also like