নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাজ্য চৰকাৰে চমজি ল’ব ধুবুৰীৰ ‘‘হাৱা মহল’’

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ কাইলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ লোকগীতৰ সাম্ৰাজ্ঞী, পদ্মশ্ৰী প্ৰয়াত প্ৰতিমা পাণ্ডে বৰুৱাৰ সংগীত সাধনাৰ পীঠস্থান হব ধুবুৰীৰ গৌৰীপুৰৰ মাটিয়াবোগৰ “হাৱা মহল”ৰ আনুষ্ঠানিক অধিগ্ৰহণ কাৰ্য্যসূূচীক কেন্দ্ৰ কৰি গৌৰীপুৰৰ ৰাজপৰিয়ালৰ দীৰ্ঘ ইতিহাস জড়িত সেই ৰাজ অট্টালিকাটোত চলিছে তুমুল তৎপৰতা। ইতিমধ্যে ”হাৱা মহল” ৰ চৌহদত এক অস্থায়ী মঞ্চ নিৰ্মাণ কৰা হোৱাৰ সমান্তৰালকৈ গৌৰীপুৰৰ মহামায়া খেল পথাৰত নিৰ্মাণ কৰা হৈছে অস্থায়ী হেলিপেডো। জানিব পৰা মতে, অহাকালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰেৰে মহামায়া খেলপথাৰৰ সেই অস্থায়ী হেলিপেডত অৱতৰণ কৰাৰ পিছত পোনে পোনে “হাৱা মহল” ত উপস্থিত হ’ব। কাইলৈ দুপৰীয়া ১২ বজাৰ পৰা হ’বলগীয়া “হাৱা মহল”ৰ অধিগ্ৰহণ কাৰ্য্যসূচীত অংশ ল’ব তেওঁ। দুপৰীয়াৰ আহাৰ “হাৱা মহল”তে কৰাৰ পিছত গুৱাহাটীলৈ উভতি যাব তেওঁ। উল্লেখ্য যে, বিগত বছৰৰ বিগত ৭ অক্টোবৰ দিনা পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ সংগীত সাধনাৰ পীঠস্থান “হাৱা মহল”কে ধৰি শিল্পীগৰাকীৰ সাংস্কৃতিক অৱদানসমূহক ঐতিহ্য কেন্দ্ৰ হিচাপে সংৰক্ষণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যিক কেবিনেটে লৈছিল এক যুগান্তকাৰী সিদ্ধান্ত। সেই সিদ্ধান্ত অনুসৰি নতুন বছৰটোত এক ইতিবাচক আৰম্ভণীৰে অহাকালি “হাৱা মহল”ত অনুষ্ঠিত হ’বলগীয়া এক বিশেষ কাৰ্য্যসূচীৰে সম্পূৰ্ণ কৰা হ’ব চৰকাৰী সেই অধিগ্ৰহণ প্ৰক্ৰিয়া। উল্লেখ্য যে, গৌৰীপুৰ ৰাজপৰিয়ালৰ প্ৰভাত চন্দ্ৰ বৰুৱাই ১৯১৪ চনতেই গদাধৰ নৈৰ পাৰৰ মাটিয়াবহ নামৰ সৰু টিলাৰ ওপৰত নিৰ্মাণ কৰিছিল এই ৰাজ-অট্টালিকা সদৃশ মহলটো৷ প্ৰথম মহাসমৰৰ সময়ত ১৯০৪ চনতেই নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা মহলটোৰৰ নিৰ্মাণ সম্পূৰ্ণ হ’বলৈ সময় লাগিছিল ১০ বছৰ৷ ৩ লাখ ৪০ হাজাৰ টকা ব্যায়েৰে ক’লকাতাৰ “চায়না টাউন”ৰ পৰা অহা চাইনিজ মিস্ত্ৰীয়ে নিৰ্মাণ কৰি উলিওৱা এই মহলটোত হিন্দু, মোগল আৰু ব্ৰিটিছ স্থাপত্য ক’লাৰ উপাদান দেখা যায়৷ “হাৱা মহলক গৌৰীপুৰৰ ৰাজপৰিয়ালে মূলতঃ ৰাজ-অতিথিশালা তথা গ্ৰীষ্ম-আৱাসৰূপে ব্যৱহাৰ কৰিছিল৷ মহলটোত আছিল বিভিন্ন আপূৰূগীয়া তৈল চিত্ৰ, আলোকচিত্ৰ, বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰকে ধৰি অন্যান্য বহু ঐতিহাসিক মহত্বতা থকা বয়-বস্তু৷ কিন্তু সেই সামগ্ৰীবোৰৰ অধিকাংশই সংৰক্ষণৰ অভাৱত নষ্ট হৈ গৈছে৷ বৰ্তমানে মহলটোৰ “বিলিয়াৰ্ড ৰূমত কিছু সামগ্ৰী ৰখা হৈছে যদিও যথাযথ সংৰক্ষণৰ অভাৱত সেইবোৰৰ তথ্যবচ অৱস্থা৷ তদুপৰি এক বিশেষ ইতিহাসৰ সাক্ষী বহন কৰি ‘‘হাৱা মহল’’ৰ চৌহদত আছে বীৰ চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱ নাৰায়ণৰ বৰতোপ এটাও। সেই বিশেষ ইতিহাস জীয়াই ৰখাৰ স্বাৰ্থত নামনি অসমৰ জমিদাৰী প্ৰথা তথা পুৰণি গোৱালপাৰা জিলাৰ ইতিহাসৰ সৈতে জড়িত থকা সেই সামগ্ৰীবোৰৰ সংৰক্ষণৰ প্ৰয়োজন থকা বুলি মত প্ৰকাশ কৰি অহা পোৱা গৈছিল বহুতেই। মুঠ ২৪ টা কোঠালি আছে “হাৱা মহল”ত। প্ৰায় তেৰ বিঘা মাটি কালিৰে আগুৰি থকা বিশ্ব বৰেণ্য শিল্পী তথা ৰাজ পৰিয়ালটোৰেই সদস্য প্ৰয়াত প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ পৰিচালিত ‘ মুক্তি ‘, গণশিল্পী ভূপেন হাজৰিকাৰ পৰিচালিত “মাহুত বন্ধুৰে”, প্ৰখ্যাত বোলছবি অভিনেতা প্ৰয়াত উত্তম কুমাৰ পৰিচালিত “বিচাৰক” আদি কেইবাটাও কালজয়ী চলচ্চিত্ৰৰ দৃশ্যায়ণ কৰা হৈছিল এই “হাৱা মহল”তেই। ১৯৫৭ চনত “মাহুত বন্ধু ৰে” বোলছৱিখনৰ চিত্ৰায়ণ কৰাৰ বাবে পত্নী প্ৰিয়ম্বদা হাজৰিকাসহ ‘হাৱা মহল’ৰ অতিথিশালাত প্ৰায় ডেৰ মাহ আছিল প্ৰয়াত ড৹ ভূপেন হাজৰিকাও৷ প্ৰয়াত প্ৰতিমা পাণ্ডে বৰুৱাৰ কণ্ঠত “দেশী গান” শুনি মুগ্ধ হৈছিল প্ৰয়াত গণশিল্পীগৰাকীয়ে আৰু তেতিয়াৰ পৰাই আৰম্ভ হৈছিল প্ৰয়াত সেই দুইগৰাকী কালজয়ী শিল্পীৰ সংগীতময় যাত্ৰাৰ। ইপিনে অৱশেষত দীৰ্ঘ অপেক্ষাৰ অন্ত পেলাই, পশ্চিম অসমৰ ৰাইজৰ “পৰিচয়” স্বৰূপ কালজয়ী সেই শিল্পীগৰাকীৰ স্মৃতি তথা সৃষ্টিৰাজীক সংৰক্ষণ কৰাৰ বাবে ডঃ হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখনে লোৱা এই পদক্ষেপক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে তেখেতৰ অলেখ গুণমুগ্ধকে ধৰি সৰ্বসাধাৰণ ৰাইজেও।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like